ETV Bharat / bharat

ভয়ংকৰ সংঘৰ্ষত নিহত শীৰ্ষ নেতাসহ ১৮ নক্সালবাদী - NAXALITES ENCOUNTER

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 8:16 PM IST

Updated : Apr 16, 2024, 10:48 PM IST

CHHOTEBETHIYA NAXAL ENCOUNTER: মঙলবাৰে কাংকেৰৰ ছোটাবেঠিয়াত নিৰাপত্তাৰক্ষীৰ দল আৰু নক্সালবাদীৰ মাজত মুখামুখি হয়। এই এনকাউণ্টাৰত ১৮ জন নক্সালবাদী নিহত হৈছে। নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত তালাচী অভিযান চলাইছে । ১৮ জন নক্সালবাদীক হত্যা কৰাৰ কথা নিশ্চিত কৰিছে বাষ্টাৰ আই জিয়ে ।

NAXALITES ENCOUNTER
CHHOTEBETHIYA NAXAL ENCOUNTER
ভয়ংকৰ সংঘৰ্ষত নিহত শীৰ্ষ নেতাসহ ১৮ নক্সালবাদী

নিউজ ডেস্ক, ১৬ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ পূৰ্বে কাংকেৰত নিৰাপত্তা বাহিনীয়ে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰি নক্সালবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান চলায় । কাংকেৰৰ ছোটাবেঠিয়াত নক্সাল বিৰোধী অভিযানত নক্সালবাদী আৰু জোৱানৰ মাজত সংঘৰ্ষত ১৮ টা নক্সালবাদী নিহত হৈছে । এই কথা নিশ্চিত কৰিছে বাষ্টাৰৰ আই জিয়ে ।

"কাংকেৰৰ ছোটাবেঠিয়াত তালাচীৰ সময়ত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত এক বৃহৎ সংঘৰ্ষ হৈছিল । এই এনকাউণ্টাৰত ১৮ টা নক্সালবাদী নিহত হৈছে । আটাইকেইটা নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । এই এনকাউণ্টাৰত তিনিজন জোৱান আহত হৈছে । তিনিওজন জোৱানৰ অৱস্থা বৰ্তমান সংকটমুক্ত আৰু মাওবাদীক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে । এতিয়াও সকলোৰে পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই । সেই স্থানৰ পৰা উদ্ধাৰ হৈছে বহু অত্যাধুনিক অস্ত্ৰ । এই এনকাউণ্টাৰত কাংকেৰৰ ডি আৰ জি আৰু বি এছ এফৰ দলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।" বাষ্টাৰৰ আই জি সুন্দৰৰাজ পিয়ে এইদৰে কয় ।

নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে: কাংকেৰৰ এছ পি কল্যাণ আলিছেলাই ই টিভি ভাৰতক কয়, "কাংকেৰৰ ছোটেবেঠিয়াত এনকাউণ্টাৰত ১৮ টা নক্সালবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে । এতিয়াও অনুসন্ধান অভিযান সম্পূৰ্ণ হোৱা নাই । তালাচী অভিযানৰ পিচত আৰু অধিক বৃদ্ধি পাব পাৰে নিহত নক্সালবাদীৰ সংখ্যা । এই এনকাউণ্টাৰত ২৫ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা নক্সালবাদীৰ শীৰ্ষ নক্সাল সেনানায়ক শংকৰ ৰাওক হত্যা কৰা হয় । ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে চাৰিটা এ কে ৪৭ ৰাইফল । ইয়াৰ উপৰিও বহু অস্ত্ৰ উদ্ধাৰ কৰা হৈছে ।"

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যখনত অবিৰতভাৱে সংঘটিত হৈ আছে নক্সালবাদীৰ কূটাঘাত । নির্বাচনক কেন্দ্ৰ কৰিও নক্সালবাদীৰ কাৰ্যকলাপ ক্রমাৎ বৃদ্ধি পোৱাৰ কাৰণ বুলি বিবেচিত হৈছে ৷ এই কাৰণেই ইতিমধ্যে নিৰ্বাচন সন্দৰ্ভত সজাগ হৈ পৰিছে জোৱানসকল । তাৰ ফলস্বৰূপে নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ ওপৰত বৃহৎ আক্ৰমণ চলায় ।

লগতে পঢ়ক: মাৰ্ঘেৰিটাত অসম ৰাইফলছৰ বাহনত উগ্ৰপন্থীৰ আক্ৰমণ; আলফা(স্বা)ৰ দায়িত্ব স্বীকাৰ - Militants Ambush

Last Updated : Apr 16, 2024, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.