ETV Bharat / state

মাৰ্ঘেৰিটাত অসম ৰাইফলছৰ বাহনত উগ্ৰপন্থীৰ আক্ৰমণ; আলফা(স্বা)ৰ দায়িত্ব স্বীকাৰ - Militants Ambush

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 12:46 PM IST

Updated : Apr 16, 2024, 1:31 PM IST

Militants Ambush
মাৰ্ঘেৰিটাত অসম ৰাইফলছৰ বাহনত উগ্ৰপন্থীৰ আক্ৰমণ

Militants Ambush : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ চাংলাং পথৰ নামদাঙৰ পাহাৰীয়া পথত আলফা(স্বাধীন)ৰ এম্বুছ । অসম ৰাইফলছৰ এগৰাকী জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে । অঞ্চলটোত সেনা, আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযান অব্যাহত । ইতিমধ্যে ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা(স্বা) এ ৷

মাৰ্ঘেৰিটাত অসম ৰাইফলছৰ বাহনত উগ্ৰপন্থীৰ আক্ৰমণ

তিনিচুকীয়া, ১৬ এপ্ৰিল : দেশৰ বিভিন্ন প্ৰান্তত লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । অসমৰ প্ৰতিখন জিলাতে ৰাজনৈতিক দলবোৰে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । তাৰ মাজতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ভয়ংকৰ ঘটনা । অসম ৰাইফলছৰ বাহনত ভয়ংকৰ এম্বুছৰ তথ্য পোহৰলৈ আহিছে । মাৰ্ঘেৰিটাৰ চাংলাং পথৰ নামদাঙৰ পাহাৰীয়া পথত পুৱা প্ৰায় ৮ বজাত সংঘটিত হৈছে উগ্ৰপন্থী সংগঠনৰ ভয়ংকৰ এম্বুছ ৷

এই ঘটনাত দুটাকৈ গ্ৰেণেড বিস্ফোৰণ হোৱাৰ লগতে অসম ৰাইফলছ আৰু উগ্ৰপন্থীৰ মাজত ভয়ানক গুলীয়াগুলী হোৱা বুলি জানিব পৰা গৈছে । সন্দেহজনক আলফা স্বাধীনে সংঘটিত কৰা এই এম্বুছত অসম ৰাইফলছৰ এগৰাকী জোৱান আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে এই কথা প্ৰশাসনে নিশ্চিত কৰা নাই । এই ঘটনাৰ পিচতে অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে ।

ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে সেই স্থানলৈ ততাতৈয়াকৈ সেনা বাহিনীৰ হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে । সেনা আৰু অসম ৰাইফলছে অঞ্চলটোত অভিযান আৰম্ভ কৰিছে । উগ্ৰপন্থীৰ দলটোক নিষ্ক্ৰিয় কৰাৰ বাবে নিৰাপত্তা বাহিনীয়ে অভিযান চলাই থকাৰ কথা জানিব পৰা গৈছে । সমগ্ৰ অঞ্চলটোত আৰক্ষী আৰু সেনা বাহিনীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷

আনহাতে, এই ঘটনাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে আলফা(স্বাধীন) ইয়াৰ দায়িত্ব স্বীকাৰ কৰিছে । প্ৰেছ বিজ্ঞপ্তিযোগে সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে সদৰী কৰিছে এই তথ্য ৷ আলফা(স্বাধীন)-এ এই আক্ৰমণ প্ৰতিশোধমূলক বুলি দাবী কৰিছে ।

উল্লেখ্য যে, আজি দুদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব । তেনে পৰিস্থিতিত এই উগ্ৰপন্থীৰ আক্ৰমণে অসম আৰক্ষীত ব্যাপক খলকনিৰ সৃষ্টি কৰিছে । ইফালে তিনিচুকীয়াকে ধৰি চুবুৰীয়া জিলাসমূহে আৰক্ষীয়ে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :১৬ এপ্ৰিলত গুৱাহাটীৰ কিছু অংশত নো ড্ৰোণ ফ্লাই জ’ন ঘোষণা - PM Modi Visit In Guwahati

Last Updated :Apr 16, 2024, 1:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.