বৰপেটাত আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহৰ সফল সামৰণি

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 4:29 PM IST

thumbnail

বৰপেটা, ৭ ফেব্ৰুৱাৰী : বৰপেটাৰ অন্যতম অপেছাদাৰী নাট্যদল ‘মুখা’ৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ সফল সামৰণি পৰে ৷ ‘মুখা’ ৰ উদ্যোগত ৩ ফেব্ৰুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত বিষ্ণু-জ্যোতি আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহত অসমৰ লগতে বাংলাদেশ, মুম্বাই আৰু ছিকিমৰ আগশাৰীৰ নাট্যদলে অংশগ্ৰহণ কৰে ।

মঙলবাৰে বিশ্বনাথ চাৰিআলিৰ ‘বৰ্ণম’ নাট্য দলে পংকজজ্যোতি ভূঞাৰ ‘তিনিটা ৰঙীন পখিলা’ আৰু বাংলাদেশৰ ‘বিৱৰ্তন যশোৰ’ নামৰ নাট্য দলটোৱে পৰিৱেশন কৰে ‘বিবাহ প্ৰস্তাৱ’ নামৰ নাট দুখন ৷ মুখা বৰপেটাৰ ৰূপালী জয়ন্তী উপলক্ষে বৰপেটা জিলা পুথিভঁ‌ৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত নাট সমাৰোহত অগণন দৰ্শকে উপভোগ কৰে দুয়োখন নাট ৷

বৰপেটাৰ অপেছাদাৰী নাট্যক্ষেত্ৰক এই নাট সমাৰোহে সমৃদ্ধ কৰা বুলি দৰ্শকে প্ৰশংসা কৰিছে ৷ পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু বহল ভিত্তিত নাট সমাৰোহ আয়োজন কৰি বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে নাট্যকাৰ পৰিচালক নিৰ্মল দাসে ।

লগতে পঢ়ক : বৰপেটাত মৃণাল ভৌমিকৰ দুখনকৈ গ্ৰন্থ উন্মোচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.