বৰপেটাত মৃণাল ভৌমিকৰ দুখনকৈ গ্ৰন্থ উন্মোচন

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 8:56 PM IST

thumbnail

বৰপেটা, ৪ ফেব্ৰুৱাৰী : বৰপেটা আইন মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মৃণাল ভৌমিকৰ কাব্যগ্ৰন্থ 'মুন এণ্ড দ্য মাইন' আৰু 'পট পউৰি' নামৰ প্ৰৱন্ধ সংকলন এখন উন্মোচন কৰা হয় ৷ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীনেশ বৈশ্য, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিৰিঞ্চি কুমাৰ দাস, বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দীনেশ দাসে গ্ৰন্থ দুখন উন্মোচন কৰে  ৷  

মহাবিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰাই অসমীয়া ভাষাত কাব্য চৰ্চা কৰা মৃণাল ভৌমিকে বিগত কেইবাবছৰ ধৰি দৈনিক বাতৰি কাকত, আলোচনীত ইংৰাজী ভাষাত লিখা-মেলা কৰি আহিছে ৷ বিভিন্ন কাকতত প্ৰকাশিত ইংৰাজী ভাষাত লিখিত কবিতা আৰু প্ৰৱন্ধ সমূহ একত্ৰিত কৰি প্ৰকাশ কৰা কবিতা আৰু প্ৰৱন্ধ সংকলন দুখন পঢ়ুৱৈসকলে আদৰি ল'ব বুলি আশা কৰিছে উন্মোচকসকলে ৷

লগতে পঢ়ক: প্ৰয়াত ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈৰ আৱক্ষ মূৰ্তি আৰু আত্মজীৱনী উন্মোচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.