সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা জলবোমা : কৃষক মুক্তি সংগ্ৰাম সমিতি - Labour died in NHPC big dam - LOWER SUBANSIRI BIG DAM

🎬 Watch Now: Feature Video

thumbnail
শ্ৰমিকৰ মৃত্যুৰ সন্দৰ্ভত বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া (Source : Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : May 28, 2024 at 10:34 PM IST

1 Min Read
Choose ETV Bharat

গোলাঘাট, 28 মে’ : বাৰিষাৰ আৰম্ভণিতে এজনৰ প্ৰাণ ল’লে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই ৷ বিভিন্ন দল-সংগঠনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰাৰ পাচতো কেন্দ্ৰীয় চৰকাৰে সকলো কথা আওকাণ কৰি প্ৰকল্প নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে ৷

এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷ কৃষক নেতাগৰাকীয়ে কয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অসমত চিৰদিনৰ বাবে এটা জলবোমা ৷ বহু জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে ব্যাপক হাৰত চলোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত 2011 চনৰ ডিচেম্বৰ মাহত এই জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰা হৈছিল ৷ কিন্তু একাংশ অসমীয়া জাতিদ্ৰোহী নেতাই বিভিন্ন চলাহী কথাৰে পুনৰ শাসনৰ গাদীত বহাৰ পিচত ইয়াৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হয় ৷

কেৱল ৰাজনৈতিক লাভালাভৰ বাবে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰক বিপথে পৰিচালিত কৰি এই জলবোমা নিৰ্মাণকাৰ্য চলাই যোৱা বুলি বিদ্যুৎ শইকীয়াই প্ৰকাশ কৰে ৷ এইক্ষেত্ৰত বিৰোধী দলৰ ভূমিকাও সন্দেহজনক বুলি ব্যক্ত কৰে শইকীয়াই ৷

উল্লেখ্য যে, মঙলবাৰে এই বান্ধৰ পৰা প্ৰায় 200 ফুট তলত পৰি মৃত্যু ঘটে পুতুল গগৈ নামৰ এজন শ্ৰমিকৰ ৷ কিন্তু ৰহস্যজনকভাৱে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ সাহস নহ’ল বুলি কৃষক নেতাগৰাকীয়ে আক্ষেপ কৰে ৷

লগতে পঢ়ক: SMSS Hold Protest Against NHPC: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details