ৰাম মন্দিৰক লৈ সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰি জেলত সোমাল ছাত্ৰ - Diphu news
🎬 Watch Now: Feature Video

Published : January 30, 2024 at 7:27 PM IST
ডিফু, ৩০ জানুৱাৰী: ৰাম মন্দিৰক লৈ সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰি বিপদত পৰিছে এজন ডিফুৰ ছাত্ৰ ৷ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে । যোৱা ২২ জানুৱাৰীত উত্তৰ প্রদেশৰ অযোধ্যাত ৰাম মন্দিৰত ৰাম লালাৰ প্রাণ প্রতিষ্ঠাক লৈ দেশ আনন্দমুখৰ হৈ থকাৰ সময়ত ৰাম মন্দিৰক লৈ সামাজিক মাধ্যমত বিশেষকৈ ৰাম আৰু সীতা সন্দর্ভত বিৰূপ মন্তব্য কৰি আৰক্ষীৰ ৰোষত পৰিব লগা হ'ল ডিফুৰ এই ছাত্রজন ।
ডিফু কলেজত অধ্যয়ন কৰি থকা ডিফুৰ শান্তিপাৰাৰ ছাত্ৰজনে ৰাম আৰু সীতাক উদ্দেশ্যি সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰিছিল । ইয়াক কেন্দ্র কৰি ডিফু চহৰত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল । এই সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ অধীনত ডিফু আৰক্ষীয়ে ৬/২৪ এক গোচৰ ৰুজু কৰি ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক:কি খায় ভাল পাইছিল সুকণ্ঠি গায়িকা প্ৰয়াত দীপালী বৰঠাকুৰে ?