ETV Bharat / state

কি খায় ভাল পাইছিল সুকণ্ঠি গায়িকা প্ৰয়াত দীপালী বৰঠাকুৰে ?

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 6:46 PM IST

Happy birthday Dipali Barthakur : আজি সুকণ্ঠিগায়িকা প্ৰয়াত দীপালী বৰঠাকুৰৰ ৮৩ সংখ্যক জন্ম বাৰ্ষিকী । আজিৰ দিনটোত ৰাজ্যজুৰি সকলোৱে স্মৰণ কৰিছে শিল্পীগৰাকীক ।

Remembering Dipali Barthakur
কণ্ঠিগায়িকা প্ৰয়াত দীপালী বৰঠাকুৰৰ ৮৩ সংখ্যক জন্ম বাৰ্ষিকী

গুৱাহাটী, ৩০ জানুৱাৰী : অসমীয়া সংগীত জগতৰ এটি চিনাকি নাম দীপালী বৰঠাকুৰ । ১৯৪১ চনত আজিৰ দিনটোত জন্ম লাভ কৰা সুকণ্ঠিগায়িকা প্ৰয়াত দীপালী বৰঠাকুৰৰ আজি ৮৩ সংখ্যক জন্ম বাৰ্ষিকী । আজিৰ দিনটোত ৰাজ্যজুৰি স্মৰণ কৰিছে শিল্পীগৰাকীক ।

দীপালী বৰঠাকুৰৰ অবিহনে নিজম আজি বেলতলাৰ সৌৰভ নগৰস্থিত বাসগৃহ । পুৱাই বেলতলাৰ বাসগৃহত উপস্থিত হৈ অজস্ৰজনে জন্মদিনৰ দিনটোত স্মৰণ কৰে সুকণ্ঠি গায়িকাগৰাকীক । আজিৰ দিনটোত দীপালী বৰঠাকুৰক স্মৰণ কৰি তেওঁৰ বাসগৃহত দীৰ্ঘদিন ধৰি তত্বাৱধায়ক হিচাপে থকা জোনালী কলিতাই কৈ গ'ল বহুত কথা ৷

‘‘দীপালী বাইদেউলৈ আজি বৰকৈ মনত পৰিছে ৷ তেওঁ মাছৰ টেঙা খাই বৰ ভাল পাইছিল । প্ৰতি বছৰে জন্মদিনৰ দিনা বাইদেউৰ বাবে মাছৰ টেঙা বনোৱা হৈছিল’’ - ক’লে জোনালী কলিতাই ৷

ইফালে আজিৰ এই বিশেষ দিনটোত বৃহত্তৰ বশিষ্ঠ আঞ্চলিক উন্নয়ন সমন্বয়ৰক্ষী সমিতিয়ে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ । বশিষ্ঠ অঞ্চলৰ দুটি পথৰ নাম ৰখা হয় দীপালী বৰঠাকুৰ পথ আৰু নীলপৱন বৰুৱা পথ নামেৰে । বশিষ্ঠ চাৰিআলি পৰা বাক্ৰাপাৰা হৈ দক্ষিণ গণেশ নগৰলৈ যোৱা পথটো দীপালী বৰঠাকুৰ পথ নামেৰে ৰখা হয় । এই পথটোৰ দৈৰ্ঘ প্ৰায় ৩.৪ কিলোমিটাৰ ।

আনহাতে, বাক্ৰাপাৰা মা মনসা মন্দিৰৰ পৰা পিলিংকটা লৈকে যোৱা পথটোৰ নাম নীলপৱন বৰুৱা নামেৰে ৰখা হয় । এই পথটোৰ দৈৰ্ঘ প্ৰায় ১.১ কিলোমিটাৰ । এই পদক্ষেপক লৈ নথৈ আনন্দিত দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ পৰিয়ালৰ লোক, গুণমুগ্ধ তথা শুভাকাংখীসকল ৷

লগতে পঢ়ক : জন্মদিনত দীপালী বৰঠাকুৰ-নীলপৱন বৰুৱাৰ নামত পথৰ নামকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.