হাতী-মানুহৰ সংঘাতক লৈ বাটৰ নাট প্ৰদৰ্শন

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 4:12 PM IST

thumbnail

কলিয়াবৰ, 25 জানুৱাৰী : ৰাজ্যজুৰি বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত ৷ শেহতীয়াকৈ নগাঁও জিলাৰ কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰস্তমান হৈছে গঞা ৰাইজ ৷ বৃহস্পতিবাৰে হাতী-মানুহৰ সংঘাত দূৰীকৰণক লৈ জনসাধাৰণৰ মাজত সজাগতাৰ বৃদ্ধিৰ বাবে বিশ্ব বন্যপ্ৰাণী কোষ চমুকৈ WWF ৰ অধীনত কলিয়াবৰত বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে । পশ্চিম শোণিতপুৰ আৰু নগাঁও বন সংমণ্ডলৰ যৌথ উদ্যোগত হাটবৰস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এখন বাটৰ নাট প্ৰদৰ্শন কৰে WWF ৰ এটা দলে ।

ইফালে নগাঁও জিলাৰো তিনিখন বিদ্যালয়ত বাটৰ নাট প্ৰদৰ্শনেৰে হাতী-মানুহৰ সংঘাতৰ সন্দৰ্ভত সজাগতা অনুষ্ঠান অব্যাহত ৰখা হৈছে ৷ বিশেষকৈ কলিয়াবৰৰ দলিবাৰী, শ্ৰৱণী সত্ৰ, সৰুভগীয়া, হাটবৰৰ লগতে কেইবাখনো গাঁৱত বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূধন সোঁৱৰিছে গঞাই ৷ 

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে কলিয়াবৰৰ জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: ৪ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ৰাজ্যিক বিজেপিৰ গাঁও চলো অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.