বঙাইগাঁও আৰক্ষীৰ জালত চুৰি সামগ্ৰীসহ দুই চোৰ - Two thieves arrested in Bongaigaon
🎬 Watch Now: Feature Video

Published : February 10, 2024 at 7:45 AM IST
বঙাইগাঁও,১০ ফেব্ৰুৱাৰী: শুকুৰবাৰে সন্ধিয়া ভাগত দোলাইগাঁৱত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে কেইবা লক্ষাধিক টকাৰ মূল্যৰ চুৰি হোৱা সামগ্ৰী । দোলাইগাঁৱত উত্তৰ বঙাইগাঁও তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুকেশ ঘোষৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে কেইবা লক্ষাধিক টকাৰ চুৰি হোৱা সামগ্ৰীসমূহ । উল্লেখ্য যে শুকুৰবাৰে দিনৰ ভাগত মটৰচাইকেল চুৰি কৰা ঘটনা সন্দৰ্ভত লবকুমাৰ বড়ো নামৰ এজন যুৱকক আটক কৰা পিছতে যুৱকজনৰ ভাষ্য অনুসৰি দোলাইগাঁৱত ৰহমত আলীৰ গুদামত বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় চুৰি সামগ্ৰীসমূহ ।
চুৰি সামগ্ৰীসমূহৰ ভিতৰত চাৰিটা গেছ চিলিণ্ডাৰ, ২৭ টা মটৰ পাম্প, ৬ টা বেটাৰীসহ কেইবা লক্ষাধিক টকাৰ মূল্যৰ সামগ্ৰী । বিগত বহুদিন ধৰি চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বঙাইগাঁও চহৰৰ বিভিন্ন প্ৰান্তত আৰু শুকুৰবাৰে এই অভিযান চলাই লক্ষাধিক টকাৰ চুৰি হোৱা সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় বঙাইগাঁও আৰক্ষীয়ে । ইতিমধ্যে উত্তৰ বঙাইগাঁও আৰক্ষী চকীত জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱাল উপস্থিত হৈ চুৰিৰ সামগ্ৰীখিনি নিৰীক্ষণ কৰি সামগ্ৰীক পৰিস্থিতিৰ বুজ লয় । সমগ্ৰ ঘটনাক সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক: ইতিহাস প্ৰসিদ্ধ ৰঘুনাথ মন্দিৰত চুৰিকাণ্ড