ISIS সংযোগ: আমিনগাঁৱৰ মছজিদত STFৰ অভিযান - Assam STF against ISIS

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 8:04 PM IST

thumbnail

গুৱাহাটী, 6 এপ্ৰিল: শুকুৰবাৰে আমিনগাঁৱৰ মৰিয়াপট্টিত ISISৰ তথ্য বিচাৰি STF বাহিনীয়ে অভিযান চলালে মছজিদত ৷ অভিযান কালত STF বাহিনীক সহযোগ কৰে কামৰূপ আৰক্ষী আৰু CRPF ৰ 175 অভয়পুৰ,আমিনগাঁও বেটেলিয়ানে ।

অমিনগাঁৱৰ মৰিয়াপট্টি জামে মছজিদত ISISৰ যোগসূত্ৰৰ সন্ধানত চলিল এই অভিযান ৷ IIT গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীয়ে দৈনিক নামাজত অংশগ্ৰহণ কৰিবলৈ এই মছজিদলৈ আহিছিল ।মৰিয়াপট্টিৰ জামে মছজিদলৈ দৈনিক নামাজ পঢ়িবলৈ আহে IIT গুৱাহাটীৰ অধিকাংশ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী । এই মছজিদৰ পৰা ISISৰ প্ৰতি অনুপ্ৰাণিত হোৱাৰ সন্দেহ কৰিছে অভিযানকাৰী দলটোৱে ।

STFৰ অভিযানকাৰী দলটোৱে মছজিদৰ ভিতৰত প্ৰৱেশ কৰি তালাচী চলায় । উল্লেখ্য যে কিছুদিন পূৰ্বে হাজোত বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছৰ পতাকা লৈ গৈ থকা অৱস্থাত হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে আই আই টি গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলি ফাৰুকিক আটক কৰি গতাই দিছিল হাজো আৰক্ষীক । তাৰ পিচতে সমগ্ৰ ঘটনাটোৰ তদন্তত নামি পৰিছিল STF বাহিনী ৷

লগতে পঢ়ক: লক-আপতে ৰমজান উপলক্ষে নামাজ পঢ়িছে তৌছিফ আলি ফাৰুকীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.