ডিব্ৰুগড়ত মহাত্মা গান্ধীৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 4:16 PM IST

thumbnail

ডিব্ৰুগড়,৩০ জানুৱাৰী: গুৱাহাটীৰ পাচতেই অসমৰ এখন আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় চহৰখন । অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, মোহনবাৰী বিমানবন্দৰ আৰু শেহতীয়াকৈ গেছ ক্ৰেকাৰ প্ৰকল্প আৰম্ভ হোৱাত ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণ কেন্দ্ৰ হৈ উঠিছে । ডিব্ৰুগড় চহৰখনক আটক ধুনীয়াকৈ সজাই তোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ডিব্ৰুগড় পৌৰসভা, জিলা প্ৰশাসন আৰু ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে ।  

ইয়াৰ মাজতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত অৱস্থিত মহাত্মা গান্ধী উদ্যানখনত ডিব্ৰুগড় পৌৰসভাৰ উদ্যোগত নতুনকৈ স্থাপন কৰা হয় সুউচ্চ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি । মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি নিশা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থিত মহাত্মা গান্ধী উদ্যানখন সুন্দৰভাৱে সৌন্দৰ্যবৰ্ধন কৰি নতুন ৰূপত গঢ় দিয়াৰ বাবে ডিব্ৰুগড় পৌৰসভা কৰ্তৃপক্ষই যি প্ৰচেষ্টা হাতত লৈছে তাক ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।  

এই উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সহযোগিতা আগবঢ়াই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, পৌৰপতি ড৹ সৈকত পাত্ৰ, উপ-পৌৰপতি উজ্বল ফুকন, বিজেপি ডিব্ৰুগড় জিলাৰ সভাপতি উজ্বল কাশ্যপৰ লগতে দলীয় কাৰ্যকৰ্তাসকলে । 

লগতে পঢ়ক: মেৰবিল উৎসৱ-২০২৪ ৰ সামৰণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.