সাত দিনীয়া কাৰ্যসূচীৰে আয়োজন ৰঙিয়া মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 8:28 AM IST

thumbnail

ৰঙিয়া, 2 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰৰ পৰা ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে মহাবিদ্যালয় বাৰ্ষিক সপ্তাহ । বৃহস্পতিবাৰে প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে সংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । এই শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ আটাইবোৰ বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

এই শোভাযাত্ৰাত অসমীয়া চহা জন জীৱনৰ লগত জড়িত কেতবোৰ বিষয় উপস্থাপন কৰা হয় । আনকি অসমীয়া সমাজ জীৱনৰ লগত সংপৃক্ত বিষয়সমূহ বৰ্ণনা দিয়া হয় এই সাংস্কৃতিক শোভাযাত্ৰাত । বৰ্তমানে সমাজত হৈ থকা কেতবোৰ ঘটনাৱলীও শোভাযাত্ৰাৰে মাজেৰে প্ৰতিফলিত কৰে মহাবিদ্যালয়খন একাংশ শিক্ষাৰ্থীয়ে ।

সাংস্কৃতিক, আধ্যাত্মিক, পৰম্পৰাকে সামৰি চহা জীৱনৰ লগত জড়িত বহু বিষয় সংলগ্ন কৰা হয় এই শোভাযাত্ৰাত । এই শোভাযাত্ৰাত ভাল ফলাফল দেখুওৱা বিভাগসমূহক পুৰস্কৃত কৰা হ'ব মহাবিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী আনুষ্ঠানত ।

উল্লেখ্য যে, সাত দিনিয়াকৈ অনুষ্ঠিত কৰা হ'ব ৰঙিয়া মহাবিদ্যালয়ৰ বাৰ্ষিক খেল সপ্তাহ । সেয়ে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সকলো বিষয়ববীয়াই নিয়াৰিকৈ চলাই নিছে সকলো কাম-কাম ৷

লগতে পঢ়ক : বিশিষ্ট বাহীবাদক পৰমেশ্বৰ বসুমতাৰীক মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.