লালমাটিত STF ৰ অভিযানত গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 10:23 AM IST

thumbnail

গুৱাহাটী,৯ ফেব্ৰুৱাৰী: ৰাজ্যত বৰ্তমানো অব্যাহত ড্ৰাগছৰ অবাধ সৰবৰাহ । সমান্তৰালভাৱে প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে । এইবাৰ মহানগৰীৰ লালমাটিত চলিল STF ৰ ড্ৰাগছ বিৰোধী অভিযান । বৃহস্পতিবাৰে নিশা লালমাটিৰ ভাৰত পেট্ৰ'ল পাম্পৰ সমীপত থকা NH পাৰ্কিঙত অভিযান চলাই দলটোৱে । অভিযানত জব্দ কৰে ২৮ টা হেৰ'ইন ভৰ্তি কণ্টেইনাৰ ।  

লগতে অভিযানকাৰী দলটোৱে জব্দ কৰে ৩ টাকৈ চুৰি মোবাইল ফোন আৰু নগদ ৫ হাজাৰ টকাৰ লগতে ড্ৰাগছ সেৱনত ব্যৱহৃত কেইবাটাও সামগ্ৰী । অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অজিৎ ৰাভা আৰু সুব্ৰত সিংহ নামে দুই ড্ৰাগছ ব্যৱসায়ীক । দীৰ্ঘদিনে লালমাটিৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই যোৱাৰ লগতে বিভিন্ন চুৰি কাৰ্যৰ লগতো জড়িত আছিল ধৃত দুই ব্যৱসায়ী । সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৰ লগতে আৰক্ষীয়ে । 

লগতে পঢ়ক: ৰহাৰ চাপৰমুখত ড্ৰাগছসহ ৬ সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.