ধৰ্মনগৰ ৰে’ল ষ্টেচনত হমছফৰ এক্সপ্ৰেছৰ পৰা ওলাল ধোঁৱা

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 9:53 PM IST

thumbnail

কৰিমগঞ্জ, 10 ফেব্ৰুৱাৰী : হঠাৎ হমছফৰ এক্সপ্ৰেছৰ কেবিনৰ তলৰ পৰা ওলাল ধোঁৱা ৷  আতংকিত হৈ পৰে যাত্ৰীসকল । উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ ৰে’ল ষ্টেচনত সংঘটিত হৈছে এই ঘটনা । ভাৰতীয় ৰে’লৱেৰ যেন বিপদেই শেষ নহ'ব ৷ দৈনিক ইটোৰ পিছত সিটো ঘটনাই আতংকিত কৰি তুলিছে ৰে’ল যাত্ৰীসকলকো ।

শনিবাৰে আগৰতলাৰ পৰা হমছফৰ এক্সপ্ৰেছ ধৰ্মনগৰ ষ্টেচন পালেহি । আহি পোৱাৰ ঠিক পিচতেই হঠাৎ বি-ছিক্স দবাৰ তলৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ লগে লগে ষ্টেচন মেনেজাৰ তথা আৰ পি এফৰ উপ-পৰিদৰ্শক লক্ষ্মণ দেৱবৰ্মা আৰু অন্যান্য ৰে’লৱে কৰ্মীসকল ততাতৈয়াকৈ ঘটনাৰ বুজ লয় ৷ ধোঁৱা ওলোৱা ঠাইত গেছ স্প্ৰে’ প্ৰয়োগ কৰা হয় । অলপ পিচতেই ধোঁৱা বন্ধ হয় ।

পুংখানুপুংখ পৰিদৰ্শনৰ অন্তত যাত্ৰীসকল পুনৰ ৰে’লখনত উঠে আৰু নিৰ্ধাৰিত সময়ৰ যথেষ্ট পিচত ধৰ্মনগৰ ষ্টেচনৰ পৰা গন্তব্যস্থানলৈ ৰাওনা হয় হমছফৰ এক্সপ্ৰেছ । ৰে’ল বিভাগৰ বিষয়াসকলে এই ঘটনাটো কোনো ডাঙৰ অশান্তিৰ কাৰণ নহয় বুলি আশ্বাস দিয়ে ।

লগতে পঢ়ক : ৰে’লযাত্ৰাত সুৰক্ষা বিচাৰি নেদাৰলেণ্ডৰ পৰা পত্ৰ প্ৰেৰণ অসমীয়া যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.