ৰে’লযাত্ৰাত সুৰক্ষা বিচাৰি নেদাৰলেণ্ডৰ পৰা পত্ৰ প্ৰেৰণ অসমীয়া যুৱকৰ

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 12:51 PM IST

thumbnail

আমগুৰি, ৩ ফেব্ৰুৱাৰী : ৰে’লযাত্ৰাত সুৰক্ষা বিচাৰি নেদাৰলেণ্ডৰ পৰা পত্ৰ প্ৰেৰণ অসমীয়া যুৱকৰ ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰে'ল মন্ত্ৰণালয়ৰ লগতে নেডাৰলেণ্ডস্থিত ভাৰতীয় দূতাবাসলৈ পত্ৰ প্ৰেৰণ অসমীয়া যুৱকৰ ৷ নামতি দ'ল বাইলুং গাঁৱৰ যুৱক তথা বৰ্তমানৰ নেডাৰলেণ্ডৰ নিবাসী ঋতুপর্ণ শইকীয়াই পত্ৰ প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰে'ল মন্ত্ৰণালয়ৰ লগতে নেডাৰলেণ্ডস্থিত ভাৰতীয় দূতাবাসলৈ ৷

উল্লেখ্য যে, যোৱা ২৫ ডিচেম্বৰত ঋতুপর্ণ শইকীয়াৰ পিতৃ বেনুধৰ শইকীয়া ৰাজধানী এক্সপ্ৰেছত হত্যাৰ বলি হৈছিল ৰহস্যজনকভাৱে ৷ জাগীৰোড বৰাহু ৰে'ল ষ্টেছনৰ সমীপত ৰে'লপথৰ কাষত উদ্ধাৰ হৈছিল বেনুধৰ শইকীয়াৰ মৃতদেহ ৷ সম্প্ৰতি নেডাৰলেণ্ডৰ নিবাসী ঋতুপর্ণ শইকীয়াই ৰাজধানী এক্সপ্ৰেছত যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা আৰু পিতৃৰ মৃত্যুৰ ন্যায় বিচাৰি লিখিতভাৱে পত্ৰ প্ৰেৰণ কৰিছে ।

প্ৰাপ্ত খবৰ অনুসৰি, যোৱা ২৪ ডিচেম্বৰৰ বিয়লি শিমলুগুৰিৰ পৰা ৰাজধানী এক্সপ্ৰেছত বেনুধৰ শইকীয়া গুৱাহাটীলৈ ৰাওনা হৈছিল । কিন্তু ২৫ ডিচেম্বৰৰ পুৱা বেনুধৰ শইকীয়া ৰাজধানী এক্সপ্ৰেছৰ বি-৯ নম্বৰ কম্পার্টমেন্টৰ পৰা নিৰুদ্দেশ হয় । পৰৱর্তী সময়ত লোকজনৰ মৃতদেহ জাগীৰোডৰ বৰাহু ৰে'ল ষ্টেছনৰ সমীপত ৰে'লপথৰ কাষত উদ্ধাৰ হয় । এই ঘটনা এক হত্যাকাণ্ড বুলি অভিযোগ তুলি মৃত বেনুধৰ শইকীয়াৰ পুত্ৰ ঋতুপর্ণ শইকীয়াই যোৱা ২ জানুবাৰীত গুৱাহাটীৰ ৰে'লৱে আৰক্ষীক এক এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক : শিৱসাগৰত কৰ ফাঁকি দিয়া কোম্পানীত পৰিবহণ বিভাগৰ হাতোৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.