জিৰণি লৈ লৈ বিহুৰ অনুষ্ঠান পৰিৱেশন কৰিব জুবিনে: ক’ৰ পৰা কেতিয়া হ’ব আৰম্ভ ? - Zubeen Garg Bihu Program - ZUBEEN GARG BIHU SHOW

🎬 Watch Now: Feature Video

thumbnail
বিহুৰ অনুষ্ঠান সন্দৰ্ভত জুবিন গাৰ্গ (undefined)

By ETV Bharat Assamese Team

Published : April 5, 2024 at 10:49 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 5 এপ্ৰিল: বিগত বছৰবোৰৰ দৰে এইবেলিও এক দীঘলীয়া তালিকা লৈ বিহুৰ সাংগীতিক অনুষ্ঠানৰ বাবে সাজু হৈছে জুবিন গাৰ্গ ৷ এইবেলি 13 জানুৱাৰীৰ পৰাই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিব শিল্পীগৰাকীয়ে ৷ আজাৰাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ বিহুৰ অনুষ্ঠানৰ বাবে শিল্পীগৰাকী সাজু হৈছে বুলি জানিবলৈ দিছে ৷

অসমৰ ভিন্ন প্ৰান্তৰ লগতে ডুবাই, কানাডা, অষ্ট্ৰেলিয়া আদিতো অনুষ্ঠান পৰিৱেশনৰ বাবে চুক্তিবদ্ধ হোৱা বুলি জানিবলৈ দিছে জুবিন গাৰ্গে ৷ অৱশ্যে পূৰ্বতকৈ এইবাৰ বিহুৰ অনুষ্ঠান কমকৈ কৰিবলৈ চেষ্টা কৰিব বুলি হাৰ্টথ্ৰবগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ৷ বিহুৰ অনুষ্ঠানৰ বাবে সাজু হোৱাৰ লগতে তিনিখনকৈ বিগ বাজেটৰ ছবিৰ বাবে সংগীতৰ কাম কৰি আছে জুবিন গাৰ্গে ৷ ইফালে  ভাইমন, ৰৈ ৰৈ বিনালে আদি ছবিৰ কামো আৰম্ভ কৰা হৈছে বুলি শিল্পীগৰাকীয়ে জানিবলৈ দিছে ৷

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰসংগতো মন্তব্য কৰিছে শিল্পীগৰাকীয়ে ৷ ৰাইজে যাকেই ভালপায়, যিয়েই ভাল কাম কৰিছে তেওঁলোককেই ভোট দিবলৈ জুবিন গাৰ্গে আহ্বান জনায় ৷ যিসকলে বেয়া কাম কৰিছে তেওঁলোকক ভোট নিদিবলৈ কয় শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক: ৰাজপথত নহয়, মঞ্চ-ছ'চিয়েল মিডিয়াৰ যোগেৰে "কা"ৰ প্ৰতিবাদ কৰিব জুবিন গাৰ্গে

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details