জিৰণি লৈ লৈ বিহুৰ অনুষ্ঠান পৰিৱেশন কৰিব জুবিনে: ক’ৰ পৰা কেতিয়া হ’ব আৰম্ভ ? - Zubeen Garg Bihu Program

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 10:49 PM IST

thumbnail

গুৱাহাটী, 5 এপ্ৰিল: বিগত বছৰবোৰৰ দৰে এইবেলিও এক দীঘলীয়া তালিকা লৈ বিহুৰ সাংগীতিক অনুষ্ঠানৰ বাবে সাজু হৈছে জুবিন গাৰ্গ ৷ এইবেলি 13 জানুৱাৰীৰ পৰাই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিব শিল্পীগৰাকীয়ে ৷ আজাৰাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ বিহুৰ অনুষ্ঠানৰ বাবে শিল্পীগৰাকী সাজু হৈছে বুলি জানিবলৈ দিছে ৷

অসমৰ ভিন্ন প্ৰান্তৰ লগতে ডুবাই, কানাডা, অষ্ট্ৰেলিয়া আদিতো অনুষ্ঠান পৰিৱেশনৰ বাবে চুক্তিবদ্ধ হোৱা বুলি জানিবলৈ দিছে জুবিন গাৰ্গে ৷ অৱশ্যে পূৰ্বতকৈ এইবাৰ বিহুৰ অনুষ্ঠান কমকৈ কৰিবলৈ চেষ্টা কৰিব বুলি হাৰ্টথ্ৰবগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ৷ বিহুৰ অনুষ্ঠানৰ বাবে সাজু হোৱাৰ লগতে তিনিখনকৈ বিগ বাজেটৰ ছবিৰ বাবে সংগীতৰ কাম কৰি আছে জুবিন গাৰ্গে ৷ ইফালে  ভাইমন, ৰৈ ৰৈ বিনালে আদি ছবিৰ কামো আৰম্ভ কৰা হৈছে বুলি শিল্পীগৰাকীয়ে জানিবলৈ দিছে ৷

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰসংগতো মন্তব্য কৰিছে শিল্পীগৰাকীয়ে ৷ ৰাইজে যাকেই ভালপায়, যিয়েই ভাল কাম কৰিছে তেওঁলোককেই ভোট দিবলৈ জুবিন গাৰ্গে আহ্বান জনায় ৷ যিসকলে বেয়া কাম কৰিছে তেওঁলোকক ভোট নিদিবলৈ কয় শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক: ৰাজপথত নহয়, মঞ্চ-ছ'চিয়েল মিডিয়াৰ যোগেৰে "কা"ৰ প্ৰতিবাদ কৰিব জুবিন গাৰ্গে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.