ETV Bharat / state

ৰাজপথত নহয়, মঞ্চ-ছ'চিয়েল মিডিয়াৰ যোগেৰে "কা"ৰ প্ৰতিবাদ কৰিব জুবিন গাৰ্গে - Zubeen Garg on CAA Protest

Zubeen Garg: অৱশেষত "কা" সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জুবিন গাৰ্গে । "কা" সন্দৰ্ভত একে আছে জুবিনৰ স্থিতি। মঞ্চত বা ছ'চিয়েল মিডিয়াৰ যোগেৰে "কা"ৰ প্ৰতিবাদ কৰি যাব জুবিনে ।

Etv BharatZubeen Garg on CAA
ৰাজপথত নহয়, মঞ্চত অথবা ছ'চিয়েল মিডিয়াৰ যোগেৰে "কা"ৰ প্ৰতিবাদ কৰিব জুবিন গাৰ্গে
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 8:58 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, 26 মাৰ্চ : 'কা' ৰ সন্দৰ্ভত ভিন্ন সময়ত মন্তব্য আগবঢ়াই অহা দেখা গৈছিল জুবিন গাৰ্গক। কিন্ত আশ্চৰ্যজনকভাৱে "কা" কেতিয়াও বলৱৎ হ'ব নিদিও বুলি সময়ে সময়ে মন্তব্য কৰি অহা জুবিন গাৰ্গ সমগ্ৰ দেশজুৰি নাগৰিকত্ব (সংশোধনী) আইন (কা) ৰ অধিসূচনা বলৱৎ হোৱাৰ পিচতে মৌন হৈ আছিল । যাক লৈ ভিন্ন সময়ত ভিন্নজনে প্ৰশ্ন উত্থাপন কৰাও পৰিলক্ষিত হৈছিল।

  • " class="align-text-top noRightClick twitterSection" data="">

তাৰ মাজতে কিছুদিন পূৰ্বে "কা" সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জুবিনে কৈছিল, "কা ৰ বিৰুদ্ধে এতিয়ালৈ মই একো কোৱা নাই। কাইলৈ এটা ফেচবুক পোষ্ট পাব তাত সকলো কথা গম পাব।" জুবিনে কৰা এই মন্তব্যৰ কেইবাদিনো অতিবাহিত হোৱাৰ পাচত মঙলবাৰে বিয়লি জুবিন গাৰ্গে "কা" সন্দৰ্ভত এটা সমাজিক মাধ্যমত পোষ্ট কৰে ।

কণ্ঠশিল্পীগৰাকীয়ে পোষ্টটোত উল্লেখ কৰিছে, "কা ৰ বিষয়ে মোৰ ক'বলগীয়া, কা ৰ বিষয়ে মই ২০১৭ চনৰ পৰাই মাত মাতি আহিছো, যেতিয়া সেইখন 'কেব' আছিল। মোৰ প্রায় সকলো অনুষ্ঠানতেই মই মাত মাতিছিলো । 'কা' বিৰোধী আন্দোলনতো মই লাগিছিলো । 'কা'ৰ ক্ষেত্ৰত মোৰ স্থিতি এতিয়াও একেই, 'কা' মই নামানো, এইখন এখন অদৰকাৰী আইন। ৰাজনীতি কৰা মানুহ নহয় । মই ৰাজনীতি বেয়া পাওঁ। মই 'কা' বিৰোধ কৰিছিলো আৰু তাত কোনো লৰ-চৰ নাই। কোন মানুহ কোন পার্টীত আছে মই নাজানো । মই নিজৰ জেগাত আছো । যদি মানুহে মোক নুবুজে, তেনেহ'লে মোৰ উপায় নাই । মই নিজৰ ঠাইত নিজৰ আদৰ্শত কাম কৰি যাম।"

"সৰুৰে পৰাই দেখিছো বাৰে বাৰে আন্দোলন হয়, আমাৰ ল'ৰা-ছোৱালী মৰে । অসম আন্দোলনত ইমান মানুহ মৰিলে, আলফাৰ সময়ত হাজাৰ হাজাৰ মানুহ মৰিলে । 'কা' আন্দোলনতো পাঁচটা ল'ৰা মৰি গ'ল । মই আৰু ল'ৰা মৰিবলৈ নিদিওঁ । অসমত আৰু ল'ৰা-ছোৱালী মৰিব নালাগে । কিন্তু প্রতিবাদ লাগিব। 'কা'ৰ বিৰূদ্ধে প্রতিবাদ কৰিবই লাগিব। প্রতিবাদ কৰাৰ বিভিন্ন উপায় থাকে । মই নিজৰ ধৰণে প্রতিবাদ কৰি যাম 'কা'ৰ বিপক্ষে । মঞ্চত, বা ছ'চিয়েল মিডিয়াত-য'ত যেনেকৈ পাৰো ৷" জুবিন গাৰ্গে এইদৰে উল্লেখ কৰে ৷

জুবিন গাৰ্গে লগতে উল্লেখ কৰে, "মই যিটো দেখিছো চৰকাৰে জোৰ-জবৰদস্তি কৰি 'কা' আনি হুলস্থুল কৰিলেও অসমৰ মানুহে মনৰ পৰা কেতিয়াও 'কা' মানি নলয় । 'কা' সফল হ'ব নোৱাৰে। সেয়ে অদৰকাৰী হাল্লা কৰি অসমত লাভ নাই । অসমত হিন্দু-মুছলিম নচলে । কোনো শিল্পীয়ে জাত-পাত-ধৰ্মৰ বিভাজন মানি নলয় । অসমত অসমৰ মানুহ থাকিব, ভাৰতৰ মানুহ থাকিব। বাহিৰৰ মানুহ আনিব খুজি লাভ নাই- চিধা কথা । তাতকৈয়ো ডাঙৰ কথা- ছুপ্রীম ক'ৰ্টত 'কা' ক লৈ কেছ চলি আছে । সোনকালেই hearing হ'ব বুলিও শুনিছো । মই সেইটোত সহায় কৰিব বিচাৰো । আইনৰ ওপৰত মোৰ বিশ্বাস আছে। আমি কেছটো সকলোৱে মিলি যিমান পাৰি ভালকৈ খেলিব লাগে। আমি একেলগে ক'ৰ্টত যুদ্ধ কৰিম-আৰু আমি জিকিম।"

আমি জিকিমেই 'কা' বাতিল হ'বই। 'কা' কেতিয়াও সফল হ'ব নোৱাৰে। জয় আই অসম বুলি পোষ্টটোত উল্লেখ কৰে কণ্ঠশিল্পীগৰাকীয়ে ৷ এনেদৰে সামাজিক মাধ্যমযোগে পোষ্ট কৰি "কা"ৰ সন্দৰ্ভত নিজৰ স্থিতি সন্দৰ্ভত অৱগত কৰে জুবিনে ৷

লগতে পঢ়ক: ছেপ্টেম্বৰত মুক্তি পাব জুবিন গাৰ্গৰ ছবি 'চিকাৰ' - Zubeen Garg