তীব্ৰবেগী বাহনৰ খুন্দাত চিলাপথাৰত থিতাতে নিহত ভাতৃ-ভগ্নী

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 1:30 PM IST

thumbnail

জোনাই, ৮ ফেব্ৰুৱাৰী : আজি (বৃহস্পতিবাৰ) পুৱাই চিলাপথাৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুতিৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱা প্ৰায় ৫ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ফলত থিতাতে নিহত হয় তিনিজন লোক ৷ আনহাতে চিকিৎসালয়ত মৃত্যু হয় আন এজনৰ ৷ ইয়াৰে দুজন একেটা পৰিয়ালৰে ভাতৃ-ভগ্নী বুলি জানিব পৰা গৈছে ৷

নিহত ভাতৃ-ভগ্নী হালৰ নাম ক্ৰমে আজা চুংক্ৰাঙ (১৯) আৰু জয়া চুংক্ৰাঙ (২২) বুলি জানিব পৰা গৈছে ৷ বিৱৰণি অনুসৰি, মিচিং যুৱ মহোৎসৱৰ পৰা আহি আছিল নিহত আজা আৰু জয়া ৷ তেওঁলোকে খোজকাঢ়ি ৰাস্তা পাৰ হ’বলৈ চেষ্টা কৰোতেই বিপৰীত দিশৰ পৰা অহা এখন চাৰিচকীয়া বাহনে প্ৰচণ্ড জোৰেৰে দুয়োকে খুন্দা মাৰে ৷ 

তাৰ পাচত সেই বাহনখনে AS০AA/৮৩৯৪ FZ নম্বৰৰ মটৰচাইকেলখনক খুন্দিয়ায় ৷ ফলত প্ৰায় ১০০ মিটাৰ দূৰলৈ চোঁচৰি যায় মটৰ চাইকেলসহ আৰোহী দুজন । 

মটৰ চাইকেলখনত থকা দুজন আৰোহীৰ এজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আন এজন আৰোহীক চিকিৎসালয়ত নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ নিহত বাইক আৰোহীদ্বয় তেলামৰ দীনেশ পেগু (২৫) আৰু ভবকান্ত দলে (২৬) বুলি চিনাক্ত কৰা হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ৷ পুৱাতে সংঘটিত এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত পৰিছে শোক ছাঁ ৷

লগতে পঢ়ক : পথেৰে গৈ থাকোতেই তীব্ৰবেগী বাহনে মহতিয়ালে দুগৰাকী নাৰ্ছক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.