শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনথলী পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:44 PM IST

thumbnail

ৰঙিয়া, 6 ফেব্ৰুৱাৰী : ৰঙিয়াত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাথো দুটা দিন ৷ মঙলবাৰে অধিৱেশনস্থলীত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । অসমৰ মুখ্যমন্ত্ৰীয়ে অধিৱেশনখনৰ লগত জড়িত চৰকাৰী বিভাগৰ কামৰ দায়িত্ব অৰ্পণ কৰাৰ পিচতেই মন্ত্ৰী বৰুৱাই অধিৱেশনস্থলীত উপস্থিত হৈ চৰকাৰী বিষয়া সকলৰ লগত অধিবেশনস্থলীৰ কামৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে । এই উপলক্ষে প্ৰতিটো চৰকাৰী বিভাগৰ বিষয়াসকলৰ লগত মন্ত্ৰীগৰাকীয়ে এখন সভাত মিলিত হয় । সভাখনত প্ৰতিটো বিভাগৰ কাম কাজৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে । 

লগতে এই অধিৱেশনৰ জৰিয়তে সমগ্ৰ অঞ্চলটোত ভক্তি ৰসৰ অমিয়া বাগৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰী তথা বিধায়কগৰাকীয়ে । এই আলোচনাত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকে । লগতে সভাখনত ৰঙিয়াৰ মহকুমাধিপতি, মহকুমা আৰক্ষী বিষয়া আৰু প্ৰতিটো চৰকাৰী বিভাগৰ বিষয়া তথা কৰ্মচাৰী উপস্থিত থাকে ।

লগতে পঢ়ক: ডিব্ৰুগড়ত মঙলবাৰৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.