ETV Bharat / state

ডিব্ৰুগড়ত মঙলবাৰৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 6:35 PM IST

Gunotsav 2024: চৰকাৰী বিদ্যালয়ত গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ উদ্দেশ্যে ডিব্ৰুগড়ত আজিৰে পৰা আৰম্ভ হৈছে গুণোৎসৱ ৷ টেঙাখাতত বহিঃমূল্যায়ক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী ৷ ডিব্ৰুগড়ত ১৬২০ খন বিদ্যালয়ত অনুষ্ঠিত হৈছে গুণোৎসৱ-২০২৪ ৷

gunotsav begins in dibrugarh
ডিব্ৰুগড়ত আজিৰে পৰা আৰম্ভ হৈছে গুণোৎসৱ

ডিব্ৰুগড়ত আজিৰে পৰা আৰম্ভ হৈছে গুণোৎসৱ

ডিব্ৰুগড়, 6 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ডিব্ৰুগড় জিলাতো অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ-২০২৪ । ৰাজ্যখনৰ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ২০২৪ বৰ্ষৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ সকলো চৰকাৰী, প্ৰাদেশিকৃত, প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়, চাহ-বাগিচা আদৰ্শ বিদ্যালয় আৰু দুখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় সাঙুৰি ১৬২০ খন বিদ্যালয়ত এই গুণোৎসৱ-২০২৪ অনুষ্ঠিত হৈছে ।

এইবাৰৰ গুণোৎসৱ ২০২৪ত ডিব্ৰুগড় জিলাত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে মুঠ ১,২৮,৬০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে । গুণোৎসৱৰ প্ৰথম দিনটোতে টেঙাখাত শিক্ষা ব্লকৰ অধীনৰ সৰস্বতী দেৱী বাগ্ৰদিয়া হাইস্কুলত বহিঃমূল্যায়ক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী । জিলা আয়ুক্ত বিক্ৰম কৈৰী উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক, মাতৃ গোটৰ সদস্যাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনিকে আদি কৰি বিদ্যালয়ৰ বহু আভ্যন্তৰীণ দিশ নিৰীক্ষণ কৰে ।

ঠিক তেনেদৰে ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষা খণ্ডৰ অধীনৰ টিংখাঙৰ শ্ৰীবাংগুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱক লৈ বিদ্যালয়খনৰ চৌহদত এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰে । চাৰি শতাধিকতকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত প্ৰাতঃসভা আৰম্ভ হোৱাৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱালৈকে এক সুস্থ বাতাবৰণ বিৰাজ কৰা পৰিলক্ষিত হয় । চৰকাৰে শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই গুণোৎসৱ কাৰ্যসূচীক আদৰণি জনাই বিদ্যালয়খনৰ কৰ্তৃপক্ষই ।

আনহাতে জিলাখনৰ অন্যান্য বিদ্যালয়ৰ লগতে আকৰ্ষণীয়ভাৱে গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে খোৱাং শিক্ষাখণ্ডৰ অন্তৰ্গত দুলিয়াবাম বঙালী গাঁও প্ৰাথমিক বিদ্যালয়ত । চৰকাৰী সকলো নিৰ্দেশনা মানি অনুষ্ঠিত কৰা হৈছে এই গুণোৎসৱ । বিদ্যালয়খনত অভিভাৱক আৰু স্থানীয় ৰাইজে গুণোৎসৱৰ বাবে সহযোগিতা আগবঢ়াইছে ।

লগতে পঢ়ক : আজিৰে পৰা মাজুলীত আৰম্ভ গুণোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.