আজিৰে পৰা মাজুলীত আৰম্ভ গুণোৎসৱ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 2:07 PM IST

thumbnail

মাজুলী,৬ ফেব্ৰুৱাৰী: আজিৰে পৰা ৰাজ্যৰ আন কেইবাখনো জিলাৰ লগতে মাজুলীতো আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ । এই গুণোৎসৱ সফলভাৱে অনুষ্ঠিত কৰিবৰ বাবে সাজু কৰি তোলা হৈছে শিক্ষানুষ্ঠানসমূহ ৷ সাজু হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল । মাজুলীৰ ৫৩২খন বিদ্যালয়ৰ ২৩,৮২৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি অনুষ্ঠিত হৈছে এই গুণোৎসৱ ।

ইতিমধ্যে মাজুলীৰ বিদ্যালয়ে বিদ্যালয়ে বহিঃমূল্যায়কসকল উপস্থিত হৈ নিজ নিজ কৰ্ম সম্পাদনত ব্যস্ত হৈ পৰে । মাজুলীৰ ১৫৪ নং বেঙেনাআটী সত্ৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয় মাজুলীৰ প্ৰাক্তন উপায়ুক্ত তথা বৰ্তমানৰ মহানগৰ উন্নয়ন বিভাগৰ কমিছনাৰ পল্লৱ গোপাল ঝা । ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ মান, শিক্ষক তথা ছাত্ৰ ছাত্ৰীৰ অনুপাত, বিদ্যালয়ৰ আন্তঃগাঁঠনি আদিৰ দিশ উন্নত কৰাৰ উদ্দেশ্যে এই গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে ।

লগতে পঢ়ক: সজাগতা সভাই মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে : আৰক্ষী বিষয়া সঞ্জীৱ ফুলকোঁৱৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.