ফেচবুক লাইভ কৰি থাকোতেই গুলীয়াই হত্যা প্ৰাক্তন বিধায়কৰ পুত্ৰক

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 11:08 PM IST

thumbnail

নিউজ ডেস্ক, 8 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে মুম্বাইৰ দহিছাৰ অঞ্চলত ব্যক্তিগত বিবাদৰ বাবে শিৱসেনাৰ প্ৰাক্তন কৰ্পৰেটৰ তথা প্ৰাক্তন বিধায়কৰ পুত্ৰ অভিষেক ঘোছালকাৰক গুলীয়াই হত্যা কৰা হয় । অভিষেকক গুৰুতৰ অৱস্থাত বৰিৱলীৰ কৰুণা চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয় । মহাৰাষ্ট্ৰৰ আইন-শৃংখলা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰি উলহাছনগৰৰ এখন থানাৰ ভিতৰত একনাথ শিণ্ডে ফৈদৰ নেতাক কেমেৰাৰ সমুখতে গুলীচালনা কৰাৰ কিছুদিন পিছতে এই ঘটনা সংঘটিত হয় । উল্লেখ্য যে সেই সময়ত ফেচবুকযোগে লাইভ কৰি আছিল অভিষেক ঘোছালকাৰে ৷ কিন্তু তেনে সময়তে অন কেমেৰা অভিষেকক গুলীচালনা কৰা হয় ৷ দুটাকৈ গুলী চলোৱা হয় অভিষোকৰ ওপৰত ৷ প্ৰথমটো গুলী তেওঁৰ পেটত লাগে ৷ তাৰ পিচতেই দ্বিতীয়টো গুলীয়ে তেওঁক আঘাত কৰে ৷ এই ঘটনাই মহাৰাষ্ট্ৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.