22 ফেব্ৰুৱাৰীত ৰাম মন্দিৰ দৰ্শনৰ বাবে যাব ৰাজ্যৰ সকলো মন্ত্ৰী

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 10:16 PM IST

thumbnail

গুৱাহাটী, 22 জানুৱাৰী : 22 ফেব্ৰুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে যাব ৰাজ্যৰ কেবিনেটৰ সকলো মন্ত্ৰী ৷ সংবাদমেলত এই কথা ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

দিছপুৰত আজি অনুষ্ঠিত হয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ কেবিনেটত লোৱা সিদ্ধান্ত সমূহ সংবাদমেলত ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ জয় শ্ৰী ৰাম ধ্বনি দি সংবাদমেল আৰম্ভ কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে, 22 ফেব্ৰুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে যাব কেবিনেটৰ সকলো মন্ত্ৰী ৷

আনহাতে সংবাদমেলত মন্ত্ৰীজনে গণৰাজ্য দিৱসত কোনে ক’ত পতাকা উত্তোলন কৰিব সদৰী কৰে ৷ লগতে আজিৰ কেবিনেটত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় গহপুৰত স্থাপনৰ সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰীজনে ৷  ইফালে যোগ্যতা সম্পন্ন সহকাৰী অধ্যাপকক পদোন্নতিৰ সিদ্ধান্তও কেবিনেটত গ্ৰহণ কৰা হয় বুলি সদৰী কৰে মন্ত্ৰী বৰুৱাই ৷

ইফালে চৰকাৰী চাকৰিৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ক্ষেত্ৰত নতুন অধিসূচনাত কেবিনেটত অনুমোদন জনায় ৷ মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰৰ এই সিদ্ধান্তই চাকৰিৰ পৰীক্ষাৰ খেলিমেলি ৰোধত সহায় কৰিব ৷  ইয়াৰ উপৰিও কেবিনেটত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷

লগতে পঢ়ক : ৰামক বাদ দি ৰাৱণৰ কথা উল্লেখ কৰা উচিত নহয় : কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.