ETV Bharat / politics

ৰামক বাদ দি ৰাৱণৰ কথা উল্লেখ কৰা উচিত নহয় : কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 6:57 PM IST

Updated : Jan 23, 2024, 11:35 AM IST

Bharat Jodo Nyay Yatra : কংগ্ৰেছ তথা ৰাহুল গান্ধীক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ ৷ আজিৰ দিনটো ৰামক বাদ দি কোনোৱে ৰাৱণৰ কথা উল্লেখ কৰা উচিত নহয় বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷

CM Himanta Biswa Sarma
ৰাৱণৰ কথা উল্লেখ কৰা উচিত নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

ৰাহুল গান্ধীক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 22 জানুৱাৰী : ৰাজ্যত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ থকাৰ মাজতে কংগ্ৰেছ তথা ৰাহুল গান্ধীক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ ৷ ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ গুৱাহাটীৰ ফটাশিল আমবাৰীৰ হৰিজন কলনিত সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰা পৰিলক্ষিত হ’ল ৷

অনুষ্ঠানৰ পিছত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- "আজিৰ দিনটো ৰামময় হৈ আছে ৷ আজিৰ দিনটো ৰামক বাদ দি কোনোৱে ৰাৱণৰ কথা উল্লেখ কৰা উচিত নহয় ৷ আজি ৰামৰ কথা চিন্তা কৰক ৷ কাইলৈ-পৰহিলৈ ৰাৱণৰ কথা চিন্তা কৰিম ৷"

উল্লেখ্য যে অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰৱেশ কৰাৰ পিছতে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তেজনাময় হৈ আছে ৷ এফালে ঠায়ে ঠায়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত চৰকাৰৰ বাধা প্ৰদান আৰু আনফালে কংগ্ৰেছৰ প্ৰতিবাদে অসমৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি ৰাখিছে ৷

21 জানুৱাৰী, দেওবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক বিজেপিৰ সমৰ্থকে আক্ৰমণ কৰা বুলি দলটোৱে অভিযোগ কৰিছিল ৷ ভূপেন বৰাৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু জয়ৰাম ৰমেশৰ বাহনো আক্ৰমণৰ বলি হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাক লৈ কংগ্ৰেছে ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

ইফালে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা মঙলবাৰে গুৱাহাটীত প্ৰৱেশ কৰিব ৷ গুৱাহাটীতো মহানগৰীৰ ভিতৰৰে ৰাহুল গান্ধীক যাত্ৰাক অনুমতি দিয়া নাই ৰাজ্য চৰকাৰে ৷ আনহাতে মঙলবাৰে ৰাহুল গান্ধীৰ এই যাত্ৰা গুৱাহাটীত প্ৰৱেশ কৰাৰ বাবে দলটো সাজু হৈছে ৷ ইয়াকে লৈ মঙলবাৰৰ দিনটোত গুৱাহাটীত যথেষ্ট নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ'ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব না বিজেপিৰ না ৰাইজৰ না যুৱ সমাজৰ; কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ

Last Updated : Jan 23, 2024, 11:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.