ETV Bharat / state

হিমন্ত বিশ্ব না বিজেপিৰ না ৰাইজৰ না যুৱ সমাজৰ; কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 3:01 PM IST

congress leader mira borthakur condemned assam govt
কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ

Bharat jodo nyay yatra in Assam: কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে সমালোচনাৰে থকা সৰকা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ভূমিকাকো প্ৰশ্ন উত্থাপন কৰে ৷

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ

গুৱাহাটী, 22 জানুৱাৰী: "ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ নামত ৰামৰ নাম লৈ লাঠি লগাই উদ্ভণ্ডালিৰ সৃষ্টি কৰিছে ৷ এই ৰামে হিমন্ত বিশ্বৰ পতন ঘটাব " এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ । সোমবাৰে মীৰা বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কয়, "ৰাম ৰাজ্যত হিংসাৰ কোনো স্থান নাই । এই যে হিংসাৰ বাতাবৰণ সৃষ্টি কৰিছে, ৰামেও তবধ মানিছে । হিমন্ত, মোদী আৰু অমিত শ্বাহৰ চৰকাৰে ৰামৰ লগত অধৰ্ম আৰু মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰিছে ৷ এওঁলোকৰ চৰকাৰ ৰামেই পতন নিয়াব এই কথা তেওঁলোকে এই কথা মনত ৰখা উচিত ।"

কংগ্ৰেছ নেতেৰীগৰাকীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়চোৱাত কংগ্ৰেছ নেতাসকলৰ সৈতে কৰা আচৰণক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ ইয়াৰোপৰি শেহতীয়া সময়চোৱাত দেশত যি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰাৰ উপৰিও অতিথি পৰায়ণ স্বভিমানী অসমীয়া জাতিটোৰ গাত কলংক সানিছে বুলি কয় ।

বৰঠাকুৰে পুনৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি কয়, " মুখ্যমন্ত্ৰীৰ যে কোনো শিষ্টাচাৰ নাই ভাৰতবৰ্ষৰ আগত সেয়া প্ৰমাণ কৰিলে । হিমন্ত বিশ্ব না বিজেপিৰ না ৰাইজৰ না যুৱ সমাজৰ । ৰেড কাৰ্পেটৰ তলত থকা দুৰ্নীতিৰ ফাইলবোৰ উলিয়াই বিজেপিয়ে যাতে জেললৈ পঠিয়াব নোৱাৰে তাৰ বাবে বিজেপিক সুৰক্ষা দিয়াৰ বাবে এনে উদ্ভণ্ডালি কৰি আছে ৷ "

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ভূমিকাকো প্ৰশ্ন কৰে ৷ উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা জয়ৰাম ৰমেশৰ বাহনত আক্ৰমণ কৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো শাৰিৰীকভাৱে অপদস্থ হৈছিল দেওবাৰৰ ভাৰত যাত্ৰা ন্যায় যাত্ৰাৰ সময়ত ৷

লগতে পঢ়ক: ৰাজ্যত চলিছে সন্ত্ৰাসৰ ৰাজত্ব; সাংসদ প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.