ETV Bharat / state

ৰাজ্যত চলিছে সন্ত্ৰাসৰ ৰাজত্ব; সাংসদ প্ৰদ্যুৎ বৰদলৈ - BHARAT JODO NYAY rally attacked

ৰাহুল গান্ধীৰ পদযাত্ৰাত আহত কংগ্ৰেছ কৰ্মীৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ সাংসদগৰাকীৰ ৷

MP pradyut bordoloi reaction on BHARAT JODO NYAY rally attacked
নগাঁও চিকিৎসা মহাবিদ্যালয়ত সাংসদ প্ৰদ্যুৎ বৰদলৈ
author img

By ETV Bharat Assamese Team

Published : January 22, 2024 at 8:26 AM IST

Updated : January 23, 2024 at 10:42 AM IST

2 Min Read
নগাঁও চিকিৎসা মহাবিদ্যালয়ত সাংসদ প্ৰদ্যুৎ বৰদলৈ

নগাওঁ, 22 জানুৱাৰী: দেওবাৰে সন্ধিয়া নগাঁৱৰ চামগুৰি সমষ্টিত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক আক্ৰমণ কৰে একাংশ দুৰ্বৃত্তই ৷ পদযাত্ৰাটোত আক্ৰমণ কৰাৰ ফলত আক্ৰমণৰ বলি হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে কেইবাজনো কংগ্ৰেছৰ কৰ্মী সমৰ্থক । চিকিৎসালয়ত ভৰ্তি হৈ থকা কংগ্ৰেছ কৰ্মীৰ স্বাস্থ্যৰ বুজ ল’বলৈ নগাঁও চিকিৎসা মহাবিদ্যালয়ত দেওবাৰে উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ।

MP pradyut bordoloi reaction on BHARAT JODO NYAY rally attacked
নগাঁও চিকিৎসা মহাবিদ্যালয়ত সাংসদ প্ৰদ্যুৎ বৰদলৈ

আহত কংগ্ৰেছ কৰ্মীৰ স্বাস্থ্যৰ বুজ লৈ প্ৰদ্যুৎ বৰদলৈয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে । আনকি আৰক্ষী-প্ৰশাসন সকলো মুখ্যমন্ত্ৰীয়ে মেনেজ কৰি ৰখা বুলিও অভিযোগৰ আঙুলি তোলে ৷ বৰদলৈয়ে কয়, "বিজেপিৰ তথাকথিত ভাতৃ সংগঠনৰ নেতৃত্বত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত আক্ৰমণ চলোৱা হৈছে । আচলতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজে দেখুওৱা সঁহাৰিৰ বাবেই মুখ্যমন্ত্ৰীয়ে ভয় খাই এনে পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ব্যৰ্থ কৰিবলৈ চৰকাৰ প্ৰশাসনে প্ৰতিটো ক্ষেত্ৰতেই বাধা আৰোপ কৰাৰ চেষ্টা কৰিছে ।"

উল্লেখযোগ্য যে, কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত দেওবাৰে জামুগুৰিহাটত আক্ৰমণৰ সন্মুখীন হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । আনকি, দেওবাৰে ন্যায় যাত্ৰা চলি থকা সময়ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতা তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ গাড়ীত বিজেপিৰ গুণ্ডাবাহিনীয়ে আক্ৰমণৰ চেষ্টা কৰে । কংগ্ৰেছ নেতা তথা বিৰোধী দলটোৰ ন্যায় যাত্ৰাক দুৰ্বৃত্তই চলোৱা এই আক্ৰমণক চৌদিশে ধিক্কাৰ দিয়াৰ লগতে সৰ্বভাৰতীয় পৰ্যায়তো বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে বিজেপি কৰ্মীৰ দৰে ব্যৱহাৰ কৰে: সাংসদ গৌৰৱ গগৈ

Last Updated : January 23, 2024 at 10:42 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.