পেঙেৰী তৈলখাদত নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 6:52 PM IST

thumbnail

তিনিচুকীয়া,২৫ জানুৱাৰী: দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী । গণৰাজ্য দিৱস উদযাপনৰ বাবে চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি । সমানে কটকটীয়া হৈছে নিৰাপত্তা ব্যৱস্থা । কেইটিমান ক্ষণ বাকী থকা অৱস্থাত আৰক্ষী তথা অইল নিৰাপত্তাৰক্ষীয়ে অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদসমূহত বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে । কিয়নো বিগত দিনসমূহত বিদ্ৰোহী সংগঠনসমূহে তৈলক্ষেত্ৰৰ সৈতে জড়িত স্থানসমূহত কূটাঘাতমূলক ঘটনা সংঘটিত কৰি আহিছে ৷  

তিনিচুকীয়া জিলাখনৰ অতি স্পৰ্শকাতৰ স্থান হিচাপে পেঙেৰীৰ ঘন বনাঞ্চলৰ মাজত অৱস্থিত তৈলকূপত আৰক্ষী-অইল নিৰাপত্তাৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে ঘন জংঘলৰ মাজত অভিযান অব্যাহত ৰাখিছে । যাতে কোনো বিদ্ৰোহী সংগঠনে যাতে একো অনিষ্ট কৰিব নোৱাৰে তাৰবাবে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ 

লগতে পঢ়ক: খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.