ETV Bharat / state

খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 1:57 PM IST

75th Republic Day : কাইলৈ ৭৫ সংখ্যক গণৰাজ্য দিৱস । ৰাজ্যত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱস । এইবাৰৰ গণৰাজ্য দিৱস উপলক্ষে কি কি নিৰ্দেশনা থাকিব ?

Republic Day Preparation
৭৫ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি
৭৫ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি

গুৱাহাটী, ২৫ জানুৱাৰী : দেশৰ লগতে ৰাজ্যতো শুকুৰবাৰে উলহ-মালহেৰে পালন কৰা হ’ব ৭৫ সংখ্যাক গণৰাজ্য দিৱসৰ কাৰ্যসূচী । ৰাজ্যত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱস । ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়াই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা । লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

গণৰাজ্য দিৱস আয়োজনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে চৰকাৰ-প্ৰশাসনে । কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ পূৰ্বে আজি অৰ্থাৎ অন্তিম অনুশীলন কৰিলে অসম আৰক্ষীৰ ১৭ টাকৈ প্লাটুনে ৷

আনহাতে, গণৰাজ্য দিৱসৰ দিনটোত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব খানাপাৰাত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত । লগতেই শতাধিক চি চি টিভিৰ নিৰীক্ষণত থাকিব খানাপাৰাত পশু চিকিৎসা মহাবিদ্যালয়ৰ সমগ্ৰ খেলপথাৰ । মুঠ ১০ হাজাৰ লোকে অংশগ্ৰহণ কৰিব এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ।

নিছিদ্ৰ তালাচীৰ মাজেৰে খানাপাৰা খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব জনতা । বৃস্পতিবাৰে খানাপাৰা পশুচিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হয় আৰক্ষী আয়ুক্ত দিগন্ত বৰা । গণৰাজ্য দিৱস উপলক্ষে হ’বলগীয়া অন্তিম আখৰাৰ লগতেই নিৰাপত্তা দিশটো নিৰীক্ষণ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে ।

গণৰাজ্য দিৱস অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি আৰক্ষী আয়ুক্ত গৰাকীয়ে কয়, ‘‘মহানগৰবাসী ওলাই আহি কাইলৈ দিনটোত অংশগ্ৰহণ কৰক । নিৰাপত্তাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা কৰা হৈছে । ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে কিছু পথ নিৰ্দেশনা জাৰি কৰা হৈছে । নিমন্ত্ৰণী পত্ৰ থকা লোকসকলে গেট নং ৫ আৰু ৭ ত পাৰ্কিং কৰিব পাৰিব । কেৱল ম’বাইল আৰু পাৰ্চহে ভিতৰলৈ নিবলৈ দিয়া হ’ব । পানীৰ বটলো নিব নোৱাৰিব ভিতৰলৈ’’ ।

লগতে পঢ়ক : দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস, ধেমাজিত পতাকা উত্তোলন কৰিব যোগেন মহনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.