দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস, ধেমাজিত পতাকা উত্তোলন কৰিব যোগেন মহনে

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 9:56 AM IST

thumbnail

ধেমাজি, ২৫ জানুৱাৰী : কাইলৈ দেশবাসীয়ে উদযাপন কৰিব ৭৫সংখ্যক গণৰাজ্য দিৱস ৷ সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন ঠাইত ৰাজ্যবাসীয়ে উদযাপন কৰিব দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস ৷ সেয়ে বাদ পৰি ৰোৱা নাই ধেমাজিবাসীও ৷ ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত এইবাৰ উদযাপন কৰা হ’ব গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷

যাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে ৷ আৰক্ষী, এন চি চি, বহুকেইখন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যোৱা ১৮ জানুৱাৰীৰ পৰা কুচকাৱাজৰ অনুশীলন চলাই আছে ৷ একপ্ৰকাৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি তুংগত তুলিছে ধেমাজি জিলা প্ৰশাসনে ৷

জানিব পৰা মতে, এইবাৰ ধেমাজি কাছাৰী ময়দানত ৰাজ্য চৰকাৰৰ ৰাজহমন্ত্ৰী যোগেন মহনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ৷

লগতে পঢ়ক : গণৰাজ্য দিৱসৰ বাবে গুৱাহাটীত তুংগত উঠিছে প্ৰস্তুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.