গণৰাজ্য দিৱসৰ বাবে গুৱাহাটীত তুংগত উঠিছে প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 10:43 PM IST

thumbnail

গুৱাহাটী, ২৪ জানুৱাৰী: গণৰাজ্য দিৱসলৈ মাজত মাথোঁ এদিন বাকী । গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত তৎপৰ হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী । ইয়াৰ ব্যতিক্ৰম নহয় ৰাজধানী চহৰ গুৱাহাটী মহানগৰীও ।

সম্প্ৰতি গুৱাহাটী মহানগৰীত চাৰিওফালে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যবস্থা । গণৰাজ্য দিৱসৰ আগেপিচে যাতে কোনোধৰণৰ কুটাঘাতমূলক কার্যকলাপ সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী-অর্ধসামৰিক বাহিনী ।

গুৱাহাটীৰ অলিয়ে-গলিয়ে তালাচী ব্যবস্থা আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে । সমান্তৰালভাবে নৈশ টহলো বৃদ্ধি কৰা হৈছে । মহানগৰীত মাজনিশা পর্যন্ত তালাচী চলাইছে আৰক্ষী বিষয়া-কনিষ্টবলৰ লগতে অর্ধসামৰিক বাহিনীয়ে । একেই ব্যৱস্থা গ্ৰহণ কৰিছে জি আৰ পি-আৰ পি এফে ।

ইপিনে সাজু কৰি তোলা হৈছে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ । কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্বৰ দৰে এইবাৰো খানাপাৰা খেলপথাৰতে কেন্দ্ৰীয়ভাবে উদযাপন কৰিব ৭৮ সংখ্যক গণৰাজ্য দিৱস । গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে সাজু হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ ২৫ টা প্লাটুন ।

অসম আৰক্ষীত নতুনকৈ অন্তর্ভুক্ত হোৱা কেইবাটাও নিৰাপত্তা বাহিনীৰ গোটেও গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰ বাবে পূর্ণ প্ৰস্তুতি চলাইছে । বিগত কেইবাদিনো ধৰি গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে পৃথকে পৃথকে খানাপাৰা খেলপথাৰত পেৰেডৰ অনুশীলন চলাই আহিছে ।

লগতে পঢ়ক: পেঙেৰী বনাঞ্চলত হঠাৎ কিয় অভিযানত নামিল নিৰাপত্তা বাহিনী ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.