মিচিং যুৱ মহোৎসৱৰ কাৰ্যসূচী সালসলনি

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 7:48 PM IST

thumbnail

জোনাই,৩১ জানুৱাৰী: অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ মিচিংসকলৰ নৱম সংখ্যক 'মিচিং যুৱ মহোৎসৱ'ৰ ১ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী বাতিল । ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত হ'ব লগা মিচিং যুৱ মহোৎসৱ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছিল । কিন্তু অনিবাৰ্য কাৰণবশত ১ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী বাতলি কৰি অহা ৪, ৫ , ৬ আৰু ৭ ফেব্ৰুৱাৰীলৈ পিচুৱাই দিয়া হৈছে বুলি মহোৎসৱস্থলীতে এখন সংবাদমেল সম্বোধন কৰি টিএমপিকেৰ সাধাৰণ সম্পাদক চান পাংগিঙে সদৰী কৰে ।  

লগতে তেওঁ কয় যে, দিন সলনি কৰা হৈছে যদিও পূৰ্বৰ কাৰ্যসূচী একেই থাকিব আৰু তৃতীয় দিনাৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেবাজনো মন্ত্ৰী উপস্থিত থাকিব । আনহাতে অন্তিম দিনাৰ মুকলি সভাত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ দল সংগঠনৰ মুৰব্বী সকলো উপস্থিত থাকিব বুলি এক সংবাদমেল সম্বোধন কৰি উল্লেখ কৰে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সৌজন্যত কেন্দ্ৰীয় মে-ডাম-মে-ফি উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.