ভাৰতৰত্ন লাল কৃষ্ণ আদৱানীক গামোচাৰে সম্ভাষণ সৰ্বানন্দ সোণোৱালৰ

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 7:29 PM IST

thumbnail

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী: দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্নৰে বিভূষিত বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন গৃহমন্ত্ৰী লাল কৃষ্ণ আদৱানীক আজি সাক্ষাৎ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক আজি দিল্লীস্থিত বাসগৃহত উপস্থিত হৈ অভিনন্দন জনায় সৰ্বানন্দ সোণোৱালে । অসমীয়া সংস্কৃতিৰ অন্যতম প্ৰতীক গামোচাৰে ভাৰতৰত্ন গৰাকীক সম্ভাষণ জনাই তেওঁৰ আশীৰ্বাদ বিচাৰিলে সোণোৱালে ।

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "লাল কৃষ্ণ আদৱানীজীৰ আজীৱন দায়বদ্ধতা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি সমৰ্পিততাই বিজেপি আৰু জাতি গঠন প্ৰক্ৰিয়াক শক্তিশালী কৰি তুলিছে । আমি সুখী আৰু মোহিত যে এনে সন্মানীয় ৰাজহুৱা ব্যক্তিক ভাৰতৰত্ন প্ৰদান কৰা হৈছে এইদৰে জনকল্যাণৰ বাবে আদৱানীজীৰ আজীৱন কামক স্বীকাৰ কৰি । আদৱানীজীৰ আশীৰ্বাদে আমাক সদায় জাতি গঠনৰ প্ৰতি দায়বদ্ধ হ'বলৈ অনুপ্ৰাণিত কৰি আহিছে ।"

লগতে পঢ়ক:মহাপুৰুষ মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰত সত্ৰাধিকাৰৰ অভিষেক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.