ভাৰতৰত্ন লাল কৃষ্ণ আদৱানীক গামোচাৰে সম্ভাষণ সৰ্বানন্দ সোণোৱালৰ - ভাৰতৰত্নৰে বিভূষিত লাল কৃষ্ণ আদৱানী

🎬 Watch Now: Feature Video

thumbnail
প্ৰাক্তন গৃহমন্ত্ৰী লাল কৃষ্ণ আদৱানী (undefined)

By ETV Bharat Assamese Team

Published : February 10, 2024 at 7:29 PM IST

1 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী: দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্নৰে বিভূষিত বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন গৃহমন্ত্ৰী লাল কৃষ্ণ আদৱানীক আজি সাক্ষাৎ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক আজি দিল্লীস্থিত বাসগৃহত উপস্থিত হৈ অভিনন্দন জনায় সৰ্বানন্দ সোণোৱালে । অসমীয়া সংস্কৃতিৰ অন্যতম প্ৰতীক গামোচাৰে ভাৰতৰত্ন গৰাকীক সম্ভাষণ জনাই তেওঁৰ আশীৰ্বাদ বিচাৰিলে সোণোৱালে ।

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "লাল কৃষ্ণ আদৱানীজীৰ আজীৱন দায়বদ্ধতা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি সমৰ্পিততাই বিজেপি আৰু জাতি গঠন প্ৰক্ৰিয়াক শক্তিশালী কৰি তুলিছে । আমি সুখী আৰু মোহিত যে এনে সন্মানীয় ৰাজহুৱা ব্যক্তিক ভাৰতৰত্ন প্ৰদান কৰা হৈছে এইদৰে জনকল্যাণৰ বাবে আদৱানীজীৰ আজীৱন কামক স্বীকাৰ কৰি । আদৱানীজীৰ আশীৰ্বাদে আমাক সদায় জাতি গঠনৰ প্ৰতি দায়বদ্ধ হ'বলৈ অনুপ্ৰাণিত কৰি আহিছে ।"

লগতে পঢ়ক:মহাপুৰুষ মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰত সত্ৰাধিকাৰৰ অভিষেক

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details