মহাপুৰুষ মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰত সত্ৰাধিকাৰৰ অভিষেক
Sundaridia Satra Kirtanghar: বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে ডেকা সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীক আজি সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰা হয় ৷

Published : February 10, 2024 at 6:50 PM IST
বৰপেটা, ১০ জানুৱাৰী : মহাপুৰুষ মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰত শনিবাৰে সত্ৰাধিকাৰ অভিষেক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অভিষেক অনুষ্ঠানৰ কাৰ্যক্ৰমণিকাৰ বাবে আজি কেবাখনো সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰৰ প্ৰতিনিধিসকল সুন্দৰীদিয়া সত্ৰত উপস্থিত হয় ৷ তেওঁলোকৰ উপস্থিতিত বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে ডেকা সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীক সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰা হয় । সত্ৰাধিকাৰ অভিষেক অনুষ্ঠানক লৈ আজি সত্ৰখনত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় ।
সত্ৰাধিকাৰ অভিষেক অনুষ্ঠানত সুন্দৰীদিয়া সত্ৰখনৰ পৰিৱেশ খোল, তাল, দবা, উৰুলি আদিৰ ধ্বনিৰ মুখৰিত হৈ পৰে ৷ এই পৱিত্ৰ ধ্বনিসমূহৰ মাজেৰে মূৰত মালা আৰু নিৰ্মালি দি ঐতিহ্যমণ্ডিত ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে নিৰ্মল অধিকাৰীক সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ তথা মূল সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰে ।
ইয়াৰ পাচত নতুন বুঢ়া সত্ৰাধিকাৰ গৰাকীক লৈ সত্ৰখনৰ ভকত, আই মাতৃয়ে সত্ৰখনৰ চাৰিওদিশে পৰাম্পৰা অনুসৰি তিনিবাৰ প্ৰদক্ষিণ কৰে । উল্লেখ্য যে, সত্ৰখনৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ বিয়োগৰ পাচত দীৰ্ঘদিনৰ পৰা সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰৰ আসনখন খালি হৈ আছিল । নিৰ্মল অধিকাৰীক বুঢ়া সত্ৰাধিকাৰৰ আসনত অধিষ্ঠিত কৰাৰ সন্দৰ্ভত সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে কয়, ‘আজিৰ পৰা সুন্দৰীদিয়া সত্ৰই পুনৰ পূৰ্ণতা লাভ কৰে । বুঢ়া সত্ৰাধিকাৰ গৰাকীৰ জৰিয়তে সুন্দৰীদিয়া সত্ৰই মহাপুৰুষ দুজনাৰ আদৰ্শক অধিক প্ৰসাৰ কৰিবলৈ সক্ষম হ’ব ।’ অভিষেক অনুষ্ঠানত দৰঙৰ ঔতলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকা, বৰপেটা সত্ৰৰ বুঢ়াভকত হেমেন আতৈকে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক : বৰপেটাত আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহৰ সফল সামৰণি

