ওদালগুৰিত স্বৰস্বতী পূজাৰ প্ৰস্তুতি, ব্যস্ত মৃৎশিল্পী

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 10:42 PM IST

thumbnail

ওদালগুৰি, 10 ফেব্ৰুৱাৰী : বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ সৰস্বতী পূজাৰ বাবে দেৱীৰ মৃণ্ময় মূৰ্তিসমূহ নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎশিল্পী সকল ৷ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ পালপাৰাৰ মা লক্ষ্মী শিল্পালয়তো দেখা গৈছে ব্যাপক ব্যস্ততা ৷

শিল্পী বিজয় পালে কেইবা দশক জুৰি দেৱ-দেৱীৰ মৃণ্ময় মূৰ্তিসমূহ নিৰ্মাণ কৰি আহিছে ৷ সৰস্বতী পূজাৰ প্ৰাক মুহূৰ্তত এই বেলি বিজয় পালে প্ৰায় এশ সৰস্বতী দেৱীৰ মূৰ্তি নিৰ্মাণ কৰিছে বুলি জানিবলৈ দিয়ে ৷ প্ৰতিটো মৃণ্ময় মূৰ্তিৰ মূল্য প্ৰায় পাঁচ হাজাৰৰ পৰা আঠ হাজাৰ টকা ৷ দৰং আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত এই মৃণ্ময় মূৰ্তি সমূহ বিক্ৰী কৰি আহিছে বিজয় পালে ৷ 
 

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গৰকিলে ৫০ বছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.