আছুক বিশ্বাসঘাতকতা কৰা লোকে আছু কৰ্মীৰ মনোবল ভাঙিব নোৱাৰে: শংকৰজ্যোতি বৰুৱা

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:32 PM IST

thumbnail

ডিব্ৰুগড়, 6 ফেব্ৰুৱাৰী: সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিংশতিতম সাধাৰণ অধিৱেশন সোমবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হয় ৷ টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত দুদিনীয়া কার্যসূচীৰে টেঙাখাত মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অধিৱেশনত আজি আবেলি উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা ।

সদৌ অসম ছাত্ৰ সন্থাৰ পতকা উত্তোলনেৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হোৱা অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি-সম্পাদকৰ লগতে সাংস্কৃতিক জগতৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিম, কণ্ঠশিল্পী ৰিছা ভাৰদ্বাজ, পম্পী পূৰৱীয়ে অংশগ্ৰহণ কৰে ।

ছাত্ৰ সন্থাৰ এই বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি দেখিবলৈ পোৱা যায় । ডিব্ৰুগড় জিলাৰ প্ৰতিখন আঞ্চলিক সমিতিৰ পৰা অহা বিষয়ববীয়া তথা আছুৰ কৰ্মীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে  । এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়, ‘‘যিসকলে জাতি-জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰিব বিছাৰিছে সেইসকলক এই শোভাযাত্ৰাৰ পৰাই সমন্বয়ৰ বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে  ।’’

অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন আছু নেতাই বিজেপিত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সম্পাদকগৰাকীয়ে কয়, ‘‘আছুক বিশ্বাসঘাতকতা কৰা লোকৰ বাবে হাজাৰ হাজাৰ আছু কৰ্মীৰ মনোবল নাভাগে ।’’ লগতে কয়, ‘‘চৰকাৰৰে মাধ্যম সম্পৰ্কত লোৱা সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব ।’’

লগতে পঢ়ক: মাধ্যম বিতৰ্ক: লখিমপুৰত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.