নলবাৰীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পথ সঞ্চালন

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 8:14 PM IST

thumbnail

নলবাৰী, ২৮ জানুৱাৰী: ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শৃংখলাবদ্ধ বৃহৎ পথ সঞ্চালনে মুগ্ধ কৰিলে নলবাৰীবাসীক ৷ দেওবাৰে নলবাৰীৰ মাজমজিয়াৰ গৰ্ডন স্কুল খেলপথাৰৰ পৰা সংঘৰ স্বয়ং সেৱক সকলে এই সঞ্চালন আৰম্ভ কৰে ৷ ৪৫ মিনিটৰ এই পথ সঞ্চালন গোপাল বজাৰ, নলবাৰী সত্ৰ, জিলিঙনি চ'ক, সদৰ থানা, বাটা চ'ক হৈ পুনৰ গৰ্ডন খেলপথাৰত সমাপ্ত হয় ৷ জিলাখনৰ প্ৰতিটো খণ্ডৰ পৰা অহা ৮ শতাধিক গণবেশধাৰী স্বয়ং সেৱকে সংঘৰ  বেণ্ডসহ উলিওৱা এই সঞ্চালনক চহৰখনৰ কেইবাটাও স্থানত ৰাইজে পুষ্পবৃষ্টিৰে আদৰণি জনায়  ৷  

সংঘৰ উত্তৰ অসম প্ৰান্তৰ পথ সঞ্চালনৰ সৈতে সংগতি ৰাখি এই কাৰ্যক্ৰম আয়োজন কৰা হয় ৷ এই কাৰ্যসূচীত উত্তৰ অসম প্ৰান্তৰ সংঘচালক ডাঃ ভূপেশ শৰ্মা উপস্থিত থাকে ৷ পথ সঞ্চালনৰ পূৰ্বে নলবাৰী বিভাগ প্ৰচাৰক কেশৱ ভূঞা, জিলা কাৰ্যবাহ হিৰণ্য দত্ত আৰু জিলা শাৰীৰিক প্ৰমুখ পংকজ কলিতাই স্বয়ং সেৱক সকলক যাৱতীয় নিৰ্দেশনা দিয়ে । উল্লেখযোগ্য যে প্ৰতি বছৰে স্বয়ং সেৱক সংঘই জানুৱাৰীত এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।  

লগতে পঢ়ক:লখিমপুৰত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পথ সঞ্চালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.