যোৰহাটত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰান্তীয় পথ সঞ্চালন দিৱস - Jorhat News

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : January 28, 2024 at 7:30 PM IST

1 Min Read

যোৰহাট, 28 জানুৱাৰী: যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰান্তীয় পথ সঞ্চালন দিৱস পালন কৰা হয় । জিলাখনৰ বিভিন্ন প্ৰান্তত থকা সংঘৰ সদস্যসকলে সংঘৰ আদৰ্শ আৰু কৰ্তব্য সম্পৰ্কে আভাস গ্ৰহণ কৰে ।

আনহাতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ আগন্তুক প্ৰতিষ্ঠা দিৱসৰ বাবে সংঘৰ সদস্যসকলক মনোনিৱেশ আৰু নিজৰ কৰ্তব্য কিদৰে পালন কৰিব লাগিব, সেই সম্পৰ্কে সংঘৰ শীৰ্ষ স্থানীয় নেতাসকলে অৱগত কৰোৱায় । আনহাতে সংঘৰ যোৰহাট জিলা সমিত শীৰ্ষ নেতাসকলে সংঘৰ সদস্যসকলক হিন্দুৰ ঘৰলৈ গৈ তেওঁলোকক কৰ্তব্য ,আদৰ্শ আৰু সকল্পৰ কথা অৱগত কৰোৱাবলৈ আহ্বান জনায় ।

আজি ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ পথ সঞ্চালন দিৱসৰ দিনা ক্ৰীড়া সন্থাৰ খেলপথাৰত সমবেত হোৱা সংঘৰ সদস্যসকলক পুনৰ সংঘৰ নীতি নিয়ম আৰু সকল্প বিষয়ে অৱগত কৰে সংঘৰ যোৰহাট জিলা সমিতিৰ শীৰ্ষ নেতৃত্বই অৱগত কৰোৱায় । পথ সঞ্চালন দিৱসত বিজেপি ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী সহিতে বহুকেইগৰাকী শীৰ্ষ ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: ডিব্ৰুগড়ত ইন্টাৰনেশ্যনেল কনফাৰেন্স এণ্ড গেডাৰিং অব ইলডাৰছৰ অধিৱেশনত RSS প্ৰধান মোহন ভাগৱত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.