কাছাৰৰ গোবিন্দপুৰত বৰাক নৈৰ ভয়ংকৰ খহনীয়া - silchar news
🎬 Watch Now: Feature Video


Published : February 2, 2024 at 1:09 PM IST
শিলচৰ, 2 ফেব্ৰুৱাৰী : কাছাৰৰ গোবিন্দপুৰত বৰাক নৈৰ ভয়ংকৰ খহনীয়া ৷ প্ৰবল খহনীয়াৰ বাবে নৈৰ বুকুত জাহ গৈছে তিনি শতাধিক পৰিয়ালৰ ভেঁটি-মাটি ৷ কাছাৰৰ উধাৰবন্ধ সমষ্টিৰ গোবিন্দপুৰত যোৱা 15 বছৰ ধৰি অব্যাহত বৰাক নৈৰ খহনীয়া । ভয়ংকৰ এই খহনীয়াত অঞ্চলটোৰ কেইবা শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, ভেঁটি-মাটি লগতে দুটা মছজিদ আৰু মাদ্ৰাছা নৈৰ বুকুত জাহ গৈছে বুলি জানিব পৰা গৈছে ।
আনকি যোৱা 15 বছৰৰ এই খহনীয়াত অঞ্চলটোৰ একমাত্ৰ যোগাযোগৰ পথটোও এতিয়া নৈৰ বুকুত নিশ্চিহ্ন হৈ পৰাত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোক । এতিয়াও খহনীয়াৰ কৱলত বহু ঘৰ-বাৰী । যাৰ ফলত আতংকিত হৈ পৰিছে গঞা ৰাইজ । ভয়ংকৰ এই খহনীয়া ৰোধ কৰাৰ বাবে এতিয়ালৈ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে জলসম্পদ বিভাগৰ বিৰুদ্ধে ।
খহনীয়া ৰোধৰ বাবে চৰকাৰ-প্ৰশাসন তথা জলসম্পদ বিভাগে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভ উজাৰিছে অঞ্চলটোৰ ৰাইজে । খহনীয়াৰ কৱলত পৰি সৰ্বস্ব হেৰুৱাই অঞ্চলটোৰ দুৰ্ভগীয়া পৰিয়ালে অন্য স্থানলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে যদিও চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে এইসকল দুৰ্ভগীয়া লোকৰ কোনো খবৰ লোৱা নাই বুলি আক্ষেপ সহকাৰে জনায় ।
খহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে স্থানীয় বিধায়কসহ বিভাগীয় লোকসকলক দাবী জনাই আহিছে যদিও কোনেও একো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় লোকৰ । বিষয়টোৰ প্ৰতি গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাক আহ্বান জনাইছে ভুক্তভোগী লোকে ।
লগতে পঢ়ক : জনপ্ৰতিনিধিলৈ কিমান আৰু বাট চাব ! খহনীয়া ৰোধৰ বাবে নিজেই ওলাই আহিল ৰাইজ