কাছাৰত ডকাইতিকাণ্ড: নগদ ধনসহ ২০ লাখ টকাৰ সোণৰ গহনা লুট

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:30 PM IST

thumbnail

কাছাৰ, 7 ফেব্ৰুৱাৰী : কাছাৰত সংঘটিত হৈছে এক ডকাইতিকাণ্ড ৷ মঙলবাৰে নিশা প্ৰায় 12.30 বজাত কাছাৰ জিলাৰ উধৰবন্দ থানা অঞ্চলৰ শালগংগাত এই ডকাইতিকাণ্ড সংঘটিত হয় । শালগংগা বজাৰ অঞ্চলৰ নিবাসী বিকাশ ৰায়ৰ ঘৰত 10-12 টা ডকাইতৰ দলে আক্ৰমণ কৰে । দুৱাৰ ভাঙি হাতত অস্ত্ৰ লৈ ঘৰত প্ৰৱেশ কৰে ডকাইতৰ দলটোৱে । তাৰ পিচতে ডকাইতৰ চক্ৰটোৱে সকলোৰে হাত-ভৰি বান্ধি প্ৰায় 4 লাখ টকাৰ নগদ ধন আৰু 20 লাখ টকাৰ আনুমানিক সোণৰ অলংকাৰ লুট-পাত কৰে । 

ইয়াৰোপৰি এই ঘটনাৰ মাজতে থকাৰ সময়তে ডকাইতৰ দলটোৱে পইণ্ট ব্লেংক ৰেঞ্জত কেইবাটাও গুলী চলাই পলায়ন কৰে বুলি অভিযোগ উত্থাপন কৰে । ইয়াৰ পিচতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । এই ঘটনাৰ বাবে সমগ্ৰ অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: প্ৰেমজনিত কাৰণতে ৰেডিছন ব্লুত হত্যা কৰা হৈছিল পুণেৰ হীৰা ব্যৱসায়ীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.