প্ৰেমজনিত কাৰণতে ৰেডিছন ব্লুত হত্যা কৰা হৈছিল পুণেৰ হীৰা ব্যৱসায়ীক
Sandeep Suresh Kamble murder: প্ৰেমিকাৰ হাতত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেই ৷ প্ৰেমিকাই দিলে হত্যাৰ পৰিকল্পনাৰ বিৱৰণী ৷

Published : February 6, 2024 at 6:10 PM IST
গুৱাহাটী, 6 ফেব্ৰুৱাৰী : গুৱাহাটীৰ পঞ্চতাৰকা হোটেল ৰেডিছন ব্লুত মহাৰাষ্ট্ৰৰ ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেক হত্যা কৰাৰ খবৰ পোহৰলৈ অহাৰ পিচতে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এখন সংবাদমেল সম্বোধন কৰে ৷ আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা অনুসৰি, এই ভয়ংকৰ হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে কলকাতাৰ প্ৰেমিক-প্ৰেমিকা বিকাশ কুমাৰ শ্ব(23) অঞ্জলি শ্ব (25)।
আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে, পঞ্চতাৰকাযুক্ত হোটেল ৰেডিছন ব্লুত সোমবাৰে দিনৰ ভাগত মহাৰাষ্ট্ৰৰ পুণেৰ হীৰা ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেৰ (44) মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ হীৰা ব্যৱসায়ী সন্দীপে ব্যৱসায়ৰ কামত বিভিন্ন স্থানত ঘূৰি ফুৰে । তেওঁ গুৱাহাটীলৈও ব্যৱসায়ৰ কামত অহা-যোৱা কৰি থাকে ৷
ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ছেপ্টেম্বৰত তেওঁ গুৱাহাটীলৈ আহিছিল লগতে কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল । তাৰ পৰা উভতি যাওঁতেই তেওঁ কলকাতা বিমানবন্দৰত অঞ্জলি শ্বক লগ পাইছিল । কলকাতা বিমানবন্দৰৰ সপ্তগিৰি ৰেষ্টোৰাৰ কাউন্টাৰত বহিছিল অঞ্জলি শ্ব । দুয়োৰে মাজত চিনাকি হোৱাৰ পিচতে ফোন নম্বৰ আদান-প্ৰদান হয় ৷ তাৰ পিচতেই ক্ৰমাৎ ঘনিষ্ঠতা বাঢ়ে অঞ্জলি আৰু সন্দীপৰ ৷
কলকাতা, পুণেৰ হোটেলত নৈশ যাপনো কৰিছিল দুয়ো । সন্দীপ এগৰাকী বিবাহিত, 13 বছৰীয়া সন্তানৰ পিতৃ আছিল যদিও, তেওঁ পৰৱৰ্তী সময়ত অঞ্জলিক বিয়াৰ প্ৰস্তাৱ দিছিল ৷ বিয়াৰ প্ৰস্তাৱ দিয়াৰ পিচতে অঞ্জলিয়ে সন্দীপক এৰাই চলিবলৈ ধৰে আৰু ফোনতো ব্লক কৰে ৷
ইয়াৰ পিচতেই প্ৰতিশোধ ল’বলৈ অঞ্জলিৰ পৰিয়াললৈ আৰু অঞ্জলিৰ প্ৰেমিক বিকাশ কুমাৰ শ্বলৈ ফোন কৰি অঞ্জলিৰ বদনাম কৰে সন্দীপে । প্ৰেমিক বিকাশ কুমাৰ শ্বলৈ অঞ্জলি আৰু সন্দীপৰ অন্তৰংগ মুহূৰ্তৰ ফটোবোৰ প্ৰেৰণ কৰে । ইয়াৰ পিচতেই বিকাশ কুমাৰ শ্ব আৰু অঞ্জলিৰ সম্পৰ্কত ফাঁট মেলে যদিও পিচত থিক হৈ যায় । তাৰ পিচতে দুয়ো মিলি সন্দীপৰ মোবাইল হস্তক্ষেপ কৰাৰ বাবে পৰিকল্পনা কৰে ।
পৰিকল্পনা অনুসৰি অঞ্জলিয়ে সন্দীপক কলকাতালৈ লগ কৰিবলৈ মাতে। বহু দিনৰ মূৰত লগ কৰিবলৈ মতাত সন্দীপৰ সন্দেহ হোৱাত তেওঁ গুৱাহাটীত লগ কৰিম বুলি কয় । দুয়ো একেলগে বিমানযোগে সোমবাৰে গুৱাহাটীলৈ আহে ৷ তেওঁলোকে আগতে বুক কৰি থোৱা ৰেডিছন ব্লুৰ নৱম মহলাত থকা 922 নম্বৰ কোঠাত দিনৰ প্ৰায় 2 বজাত প্ৰৱেশ কৰে । ইয়াৰ কিছু সময়ৰ পিচতে বিকাশে হোটেলখনৰ দশম মহলাত 1024 কোঠা বুক কৰিছিল ।
সন্দীপ আৰু অঞ্জলি প্ৰৱেশ কৰা কোঠাটোৰ দৰ্জা খুলি থৈ গৈছিল অঞ্জলিয়ে । তাৰ পিচতে বিকাশে কোঠাটোত প্ৰৱেশ কৰি সন্দীপৰ মোবাইলটো হস্তক্ষেপ কৰাৰ চেষ্টা চলাইছিল । সেই সময়ত দুয়োৰে মাজত হতাহতি আৰু মাৰপিট হয় । এই মাৰপিটত ৰক্তক্ষৰণ হৈ মৃত্যু হয় সন্দীপৰ ।
সন্দীপক হত্যা কৰি মোবাইলটো লৈ অঞ্জলি আৰু বিকাশে কলকাতালৈ যোৱাৰ বাবে ষ্টেচনলৈ আহিছিল যদিও দুয়ো আগতে বুক কৰি থোৱা বিমানেৰে 9.15 বজাত কলকাতালৈ যোৱাৰ পৰিকল্পনা কৰিছিল। বিমানবন্দৰলৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে দুয়োকে আটক কৰিবলৈ সক্ষম হয় ৷
হত্যাকাণ্ডৰ ঘটনাৰ কথা কিদৰে পোহৰলৈ আহে :
হত্যাকাণ্ড সংঘটিত কৰি অঞ্জলি আৰু বিকাশ হোটেলৰ পৰা ওলাই গৈ হোটেল কৰ্তৃপক্ষক বিকাশে ফোনযোগে 922 নম্বৰৰ কোঠাত থকা লোকজন অসুস্থ বুলি জনাইছিল । ইয়াৰ পিচতেই হোটেল কৰ্তৃপক্ষই কোঠালৈ গৈ তেজেৰে লুটুৰি পুতুৰি হৈ মজিয়াত পৰি থকা অৱস্থাত সন্দীপক প্ৰত্যক্ষ কৰে । লগে লগে তেওঁলোকে জালুকবাৰী আৰক্ষী থানাত খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । চিচিটিভি ফুটেজৰ ভিত্তিত অঞ্জলি আৰু বিকাশক আটক কৰে ।
দুয়োৱে এই সমগ্ৰ ঘটনা আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷ সন্দীপৰ ভাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষী থানাত 53/24 নম্বৰত গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰে । আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে, দুই অভিযুক্তৰ পৰা সন্দীপৰ মোবাইল, সন্দীপক বান্ধিবলৈ কাপোৰেৰে বনাই অনা ৰচী জব্দ কৰে । লগতে অঞ্জলিয়ে সন্দীপক খুৱাই অচেতন কৰিবলৈ ভাং দি লাড়ু বনাই আনিছিল ৷ সেই লাড়ু অলপ খুৱাইছিল সন্দীপক। দুই অভিযুক্তই মোবাইলটো হস্তক্ষেপ কৰাৰ বাবেহে এই পৰিকল্পনা কৰিছিল, হত্যাৰ পৰিকল্পনা কৰা নাছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ৷
লগতে পঢ়ক: পঞ্চতাৰকা হোটেলত কোনে, কিয় হত্যা কৰিলে মহাৰাষ্ট্ৰৰ সন্দীপক

