ধাৰাসাৰ বৰষুণৰ মাজত ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ ৰোড শ্ব' - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
ধাৰাসাৰ বৰষুণৰ মাজত ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ ৰোড শ্ব' (undefined)

By ETV Bharat Assamese Team

Published : April 7, 2024 at 9:41 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 7 এপ্ৰিল : ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো ৰোড শ্ব’ ৷ বিজুলী ঢেৰেকনি, প্ৰতিকূল বতৰকো নেওচি ডিব্ৰুগড়ৰ ৰোড শ্ব’ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগত সংগ দিলে ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ জনতাই  ।

১৯ এপ্ৰিলত উজনি অসমৰ ডিব্ৰুগড়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক বিপুল ভোটত জয়যুক্ত কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় চহৰৰ মাজমজিয়া চৌকিডিঙি চাৰিআলিৰ পৰা চহৰখনৰ কেবাটাও ব্যস্ত পথত ৰোড শ্ব’ কৰা হয় ৷

ইফালে দেওবাৰে সন্ধিয়াৰে পৰা ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণ হয় । ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে ৰোড শ্ব'ত অংশগ্ৰহণ কৰি ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । মুখ্যমন্ত্ৰীগৰাকীৰ লগত মন্ত্ৰী বিমল বড়া, বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক বিনোদ হাজৰিকা উপস্থিত থাকে  ।

উল্লেখযোগ্য যে কাইলৈ উজনিৰ কেবাটাও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: সিদিনালৈকে মুখ্যমন্ত্ৰীয়ে মিঞাৰ ভোট নালাগে বুলি কৈছিল:প্ৰদ্যুৎ বৰদলৈ