ETV Bharat / politics

সিদিনালৈকে মুখ্যমন্ত্ৰীয়ে মিঞাৰ ভোট নালাগে বুলি কৈছিল:প্ৰদ্যুৎ বৰদলৈ - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 8:35 PM IST

Nagaon Lok Sabha constituency
কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

Nagaon Lok Sabha constituency: মৰিগাঁৱত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে প্ৰচাৰ চলাই তীব্ৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক । নিজৰ স্বাৰ্থৰ বাবে সোনকালে বৰণ সলাব পাৰে বুলি মন্তব্য় কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ।

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ

মৰিগাঁও, ৭ এপ্ৰিল : মৰিগাঁৱত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে আজি চলালে নিৰ্বাচনী প্ৰচাৰ । পুনৰ গঠিত ন নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নতুন অঞ্চলসমূহত সঘনাই যাব লগা হৈছে এইগৰাকী প্ৰাৰ্থী। পূৰ্বে উক্ত অঞ্চলসমূহত কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল । নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নতুন অঞ্চলত আজি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ পুনৰ মিঞাৰ ভোট প্ৰসংগৰে সাঙুৰিলে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক ।

দেওবাৰে মৰিগাঁৱৰ মাণিপুৰত ভকত বৈষ্ণৱৰ মাজত উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয়," মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাj প্ৰশ্নৰ উত্তৰ মোৰ পৰা কিয় বিচাৰে ?" তেওঁ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক কটু ভাষাৰে সমালোচনা কৰি কয়," সিদিনালৈকে মুখ্যমন্ত্ৰীয়ে মিঞাসকলৰ ভোট নালাগে বুলি কৈছিল । আকৌ আজি তেওঁলোকৰ ভোট বেছি পাব বুলি কৈছে । নিজৰ স্বাৰ্থৰ বাবে ইমান সোনকালে বৰণ সলাব পাৰে ।"

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ পুনৰ কয়,"২০১৬ চনৰ পৰা এইসকলক সদায়,উপলুঙা,বৈষম্য, শোষণ,নিষ্পেষণ কৰি এতিয়া বৰণ সলাই গড গড হৈ পৰিছে । বৰণ সলোৱাত মুখ্যমন্ত্ৰী সিদ্ধহস্ত । পাহৰি যায় আমি সমাজৰ সকলো অবিচ্ছেদ্য অংগ । সেয়ে সৰ্বসাধাৰণৰ মানুহে ৰাজনৈতিক নেতাক বেয়া পাই। ইমান সোনকালে বৰণ সলাই ।

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয় যে পুনৰ গঠিত ন নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নতুন অঞ্চলসমূহত সঘনাই যাব লগীয়া হৈছে । বাকীখিনি ৰাইজে খং,ক্ষোভ,অভিমান নাইকিয়া কৰি সকলোৱে আশীৰ্বাদ প্ৰদান কৰিছে বুলি উল্লেখ কৰি কয়,"ইয়াৰ পৰা বুজা যায় নগাঁও লোকসভা সমষ্টিটোত কি হ'বলৈ গৈ আছে ।" দেওবাৰে এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কেইবাগৰাকী সাধাৰণ সম্পাদক, জিলা কংগ্ৰেছৰ বহুকেইজন নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:মানুহক অপমান কৰাটো মজ্জাগত স্বভাৱ হিমন্ত বিশ্ব শৰ্মা-পীযুষ হাজৰীকাৰ: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.