ধেমাজি বৰদলনিত শ্বহীদ জগন্নাথ চুতীয়াৰ স্মৃতিত পথ উদ্বোধন

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 2:24 PM IST

thumbnail

ধেমাজি, ৬ মাৰ্চ : ২০০৭ ত ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা ধেমাজি বৰদলনিৰ বাহঁৰ কাটিকা গাঁৱৰ  ৪৩নং চি আৰ পি এফৰ জোৱান বীৰ জগন্নাথ চুতীয়াৰ নামত আজি এটি পথ আৰু স্মৃতিসৌধ মুকলি কৰা হয় ৷ বুধবাৰে বীৰজনাৰ বাসগৃহত চিৰ আৰ পি এফ কোম্পানী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা শুভাৰম্ভণি অনুষ্ঠানটোত ছহিদৰ স্মৃতিত নিৰ্মাণ কৰা পথ আৰু এটি স্মৃতিসৌধটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱাই ৷  

এই অনুষ্ঠানত আংশগ্ৰহণ কৰে চি আৰ পি এফৰ ডি আই জি আৰু অধিনায়ক তথা উচ্চপদস্থ সেনা বিষয়া আৰু জোৱানসকলে ৷ অনুষ্ঠানটোত বীৰজনাৰ জীৱন আৰু দেশপ্ৰেম সোঁৱৰণ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি  নিবেদন কৰে সাংসদ গৰাকীৰ লগতে সেনা বিষয়াসকলে ৷

লগতে পঢ়ক:কলিয়াবৰত আছুৰ গামোচাৰ সূতা বিতৰণৰ সাত বছৰ সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.