ভাওনাই মাতিলে কাল: দুজন নিহত, এজন আহত

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 1:37 PM IST

thumbnail

যোৰহাট, 29 জানুৱাৰী : যোৰহাট জিলাৰ উপকণ্ঠৰ শ’লমৰাত দেওবাৰে শেষ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই পথ দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যুক আকোঁৱালি লয় দুজন যুৱকে ৷ আনহাতে গুৰুতৰভাৱে আহত হয় অন্য এজন লোক । 

ঘটনাৰ বিৱৰণী অনুসৰি, ভাওনা চাই এখন মটৰচাইকেলত তিনিও যুৱকে চেঙেলীআটি গাঁৱৰ দিশৰ পৰা চাৰিঙীয়া দিশেৰে ঘৰলৈ গৈ থকা অৱস্থাত শ'লমৰাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় । বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা ভঁড়ালঘৰত খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় বিশ্বজিৎ বনিয়া আৰু সিদ্ধাৰ্থ হাজৰিকা নামৰ দুয়োজন যুৱক ৷ আহত লোকজন পিংকু বনিয়া বুলি জানিব পৰা গৈছে ৷ 

যুৱক কেইজনৰ ঘৰ ৰৰৈয়াৰ ধলাজনত বুলি জানিব পৰা গৈছে । আহত যুৱকজনক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তিনি যুৱকে নিকটৱৰ্তী এক স্থানত ভাওনা চাবলৈ গৈছিল ৷ তাৰ পিচতে একেলগে নিশা 12 বজাৰ পিচত ঘৰলৈ উভতি গৈছিল । এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক: আলফা স্বাধীনৰ শিবিৰত ধৰা পৰা মানস বৰগোঁহাই এছ আই নহয়: আৰক্ষীৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.