নিয়ন্ত্ৰণ হেৰুৱাই তেলিজান নদীত পৰিল মাৰুতি এল্ট'

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 12:48 PM IST

thumbnail

ধেমাজি,১ ফেব্ৰুৱাৰী : ৰাজ্যত পথ সুৰক্ষা সজাগতা মাহ অনুষ্ঠিত কৰি অহাৰ সময়তে ৰাষ্ট্ৰীয় ঘাই পথত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ বুধবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই তেলিজান নদীত পৰিল মাৰুতি এল্ট' বাহন ৷ জানিবপৰামতে বাহনতখনত আছিল কেৱল চালকগৰাকী ৷ স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় আহত চালকগৰাকীক ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি চাংমাইচুক গাঁৱৰ লোকজনে অত্যধিক সুৰাপান কৰি চলাই আহিছিল গাড়ীখন ৷  

দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS-22-D-1277 । বৰ্তমান আহত ব্যক্তিগৰাকী চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জানিবলৈপৰা গৈছে । উল্লেখ্য যে, সুৰাপায়ী চালকৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হোৱাৰ সময়ত সুৰাপায়ী চালকে দুৰ্ঘটনা সংঘটিত কৰাত ক্ষোভিত হৈ পৰিছে সচেতন মহল । 

লগতে পঢ়ক : পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ অধ্যাপকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.