ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম সন্তান ঋতুপৰ্ণ ৰয়

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:03 PM IST

thumbnail

গুৱাহাটী, 2 ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম সন্তান ঋতুপৰ্ণ ৰয় । কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰা বীৰগাথা প্ৰতিযোগিতাত বিজয়ী খিতাপ লাভ কৰে মহানগৰীৰ ঋতুপৰ্ণ ৰয়ে । কেন্দ্ৰীয় চৰকাৰৰ ৰক্ষা মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰাংকন, ৰচনা আৰু কবিতা লেখন প্ৰতিযোগিতা । সমগ্র ভাৰতৰ আঢ়ৈ লাখ বিদ্যালয়ৰ মুঠ ১ কোটি ৩৭ লাখ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত । তাৰ মাজত বিজয়ী খিতাপ লাভ কৰে ১০০ জন শিক্ষাৰ্থীয়ে । অসমৰ পৰা এই খিতাপ লাভ কৰিবলৈ সক্ষম হয় মহানগৰীৰ কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ শিক্ষাৰ্থী ঋতুপৰ্ণ ৰয়ে । গণৰাজ্য দিৱসত নতুন দিল্লীত কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে বিজয়ী সকলক প্ৰদান কৰে বঁটা । শুকুৰবাৰে কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জনাই ঋতুপৰ্ণক ।

লগতে পঢ়ক: বয়স 41 বছৰ 187 দিন; টেষ্ট মেচ খেলা আটাইতকৈ জ্যেষ্ঠ পেচাৰ জেমছ এণ্ডাৰছন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.