ETV Bharat / sports

বয়স 41 বছৰ 187 দিন; টেষ্ট মেচ খেলা আটাইতকৈ জ্যেষ্ঠ পেচাৰ জেমছ এণ্ডাৰছন

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 6:50 PM IST

Cricketer James Anderson : ইংলেণ্ডৰ কিংবদন্তী দ্ৰুত বলাৰ জেমছ এণ্ডাৰছন আটাইতকৈ বেছি সময়ৰ বাবে বলিং কৰা প্ৰথমগৰাকী বলাৰ হিচাপে পৰিগণিত হৈছে । বৰ্তমান সময়ত কোনো ফাষ্ট বলাৰে এই বয়সলৈকে খেলিব পৰাটো সম্ভৱ নহয় ।

আটাইতকৈ জ্যেষ্ঠ পেচাৰ জেমছ এণ্ডাৰছন
আটাইতকৈ জ্যেষ্ঠ পেচাৰ জেমছ এণ্ডাৰছন

স্পৰ্টছ ডেস্ক, ২ ফেব্ৰুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ শুকুৰবাৰৰ পৰা বিশাখাপট্টনমত অনুষ্ঠিত হৈছে । এই মেচখনত ইংলেণ্ডৰ ফাষ্ট বলাৰ জেমছ এণ্ডাৰছনে তেওঁৰ ১৮৪ সংখ্যক টেষ্ট মেচত অৱতীৰ্ণ হৈছে । আনহাতে, টেষ্ট ক্ৰিকেটত ৭০০ উইকেট সম্পূৰ্ণ কৰিবলৈ তেওঁ মাত্ৰ আৰু ৯ উইকেটৰ পৰা দূৰৈত আছে ।

ইফালে এই মেচখনত খেলপথাৰত অৱতীৰ্ণ হোৱাৰ লগে লগে তেওঁ টেষ্ট ক্ৰিকেটত খেলা আটাইতকৈ জ্যেষ্ঠ বলাৰ হিচাপে পৰিগণিত হৈছে । জেমছ এণ্ডাৰছনৰ বৰ্তমান বয়স হৈছে ৪১ বছৰ আৰু ১৮৭ দিন । এই বয়সলৈকে টেষ্ট মেচ খেলা তেওঁ বিশ্বৰ প্ৰথমগৰাকী ফাষ্ট বলাৰৰ অভিলেখ ৰচে ।

উল্লেখ্য যে জেমছ এণ্ডাৰছনৰ পূৰ্বে আটাইতকৈ বেছি দিন টেষ্ট ক্ৰিকেট খেলা বলাৰসকলৰ কথা উল্লেখ কৰিবলৈ হ'লে প্ৰথমতে নাম আহে লালা অমৰনাথৰ । তেওঁ 41 বছৰ 92 দিন বয়সলৈকে ভাৰতৰ হৈ খেলিছিল । তাৰ পিছত অষ্ট্ৰেলিয়াৰ ৰে লিণ্ডৱাল তিনি নম্বৰত আছে । তেওঁ 38 বছৰ 112 দিনলৈকে বলিং কৰিছে । ইয়াৰ পিছত ভাৰতৰ শূতে বেনাৰ্জীয়ে 37 বছৰ আৰু 124 দিন ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছে । গোলাম গাৰ্ড হৈছে পঞ্চমগৰাকী ফাষ্ট বলাৰ, যিয়ে ৩৪ বছৰ ২০ দিনলৈকে ভাৰতৰ হৈ ক্ৰিকেট খেলিছে ।

ইংলেণ্ডৰ ফাষ্ট বলাৰ জেমছ এণ্ডাৰছনৰ টেষ্ট কেৰিয়াৰৰ কথা উল্লেখ কৰিবলৈ হ'লে তেওঁ 183 খন মেচত ৬৯১ টা উইকেট দখল কৰিছে । তেওঁৰ ইকনমী ৰেট হৈছে 2.78 । এখন মেচত এণ্ডাৰছনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 71 ৰাণত 11 টা উইকেট । আনহাতে, এটা ইনিংছত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 42 ৰাণত 7 টা উইকেট । বিশাখাপট্টনমত ভাৰতৰ বিৰুদ্ধে খেলা মেচখনত এণ্ডাৰছনে শুভমন গিলৰ উইকেটটো দখল কৰে ।

লগতে পঢ়ক :অনূৰ্ধ্ব 19 বিশ্বকাপ ক্ৰিকেট; নেপালৰ বিৰুদ্ধে প্ৰথমে বেটিঙৰ সিদ্ধান্ত ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.