ETV Bharat / sports

অনূৰ্ধ্ব 19 বিশ্বকাপ ক্ৰিকেট; নেপালক ২৯৮ ৰাণৰ বিজয়ৰ লক্ষ্য দিলে ভাৰতে

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 4:51 PM IST

Updated : Feb 2, 2024, 6:07 PM IST

নেপালৰ বিৰুদ্ধে প্ৰথমে বেটিঙৰ সিদ্ধান্ত ভাৰতৰ
নেপালৰ বিৰুদ্ধে প্ৰথমে বেটিঙৰ সিদ্ধান্ত ভাৰতৰ

U19 World Cup Super Six : অনূৰ্ধ্ব-১৯ বিশ্বকাপ, ২০২৪ৰ ছুপাৰ ৬ ৰাউণ্ডৰ এখন মেচত শুকুৰবাৰে নেপালৰ বিৰুদ্ধে টছত জয়ী হৈ ভাৰতীয় অধিনায়ক উদয় চাহাৰনে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ভাৰতীয় দলটোৱে নিৰ্ধাৰিত অভাৰত ৫ উইকেটৰ বিনিময়ত ২৯৭ ৰাণ সংগ্ৰহ কৰে ।

স্পৰ্টছ ডেস্ক, ২ ফেব্ৰুৱাৰী : দক্ষিণ আফ্ৰিকাত চলি থকা অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপত শুকুৰবাৰে নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হৈ ভাৰতে ২৯৮ ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছে । অনূৰ্ধ্ব-১৯ বিশ্বকাপ, ২০২৪ৰ ছুপাৰ ৬ পৰ্যায়ৰ দ্বিতীয়খন মেচত নেপালৰ বিৰুদ্ধে ভাৰতে সুন্দৰ ফৰ্ম অব্যাহত ৰাখি ৫ উইকেটৰ বিনিময়ত ২৯৭ ৰাণ সংগ্ৰহ কৰে ।

মেচখনত টীম ইণ্ডিয়াৰ অধিনায়ক উদয় চাহাৰানে টছত জয়ী হৈ নেপালক ফিল্ডিং কৰিবলৈ আমন্ত্ৰণ জনায় । ভাৰতৰ হৈ ইনিংছ মুকলি কৰে আদৰ্শ সিং আৰু অৰ্শিন কুলকাৰ্ণীয়ে । অৱশ্যে দুয়োগৰাকী অপেনাৰে আজি বেটত ৰাণ পোৱাত ব্যৰ্থ হয় । আদৰ্শ সিঙে ২১ আৰু অৰ্শিন কুলকাৰ্ণীয়ে ১৮ ৰাণৰ বৰঙনি আগবঢ়ায় । আনহাতে, বেটিং প্ৰিয়াংশু মলিয়াও আজি ব্যৰ্থ হয় । তেওঁৰ বেটৰ পৰা আহে ১৯ ৰাণ ।

ইয়াৰ পিছত অধিনায়ক উদয় চাহাৰান আৰু শচীন ধাছে ভাৰতৰ হৈ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে । তেওঁলোকে ২০০ ৰাণৰো অধিক ৰাণৰ যুটি বান্ধি ভাৰতক এক শক্তিশালী স্থিতিত উপনীত কৰায় । অধিনায়ক উদয় চাহাৰন আৰু শচীন ধাছে দৰ্শনীয় শতক অৰ্জন কৰে । উদয় চাহাৰানে ১০৮ বলত ১০০ ৰাণ সংগ্ৰহ কৰে । আনহাতে, শচীন ধাছে ১১৬ ৰাণৰ বৰঙনি আগবঢ়ায় ।

ইফালে নেপালৰ হৈ সফল বলাৰ হৈছে গুলচন ঝা । তেওঁ ৫৬ ৰাণৰ বিনিময়ত ৩ টা উইকেট দখল কৰে । আকাশ চান্দে এটা উইকেট দখল কৰে ।

উল্লেখ্য যে টছত জয়ী হোৱাৰ পিছত ভাৰতৰ অধিনায়ক উদয় চাহাৰনে কয় যে তেওঁৰ দলটোৱে পূৰ্বতে এই উইকেটত খেলিছে আৰু ইয়াৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত । তাৰেই পৰিপ্ৰেক্ষিতত দলৰ বলিং বিভাগত এটা পৰিৱৰ্তন কৰা হৈছে । দলত ফাষ্ট বলাৰ নমন তিৱাৰীক আৰাধ্যা শুক্লাৰ স্থানত লোৱা হৈছে ।

আনহাতে, টছত পৰাস্ত হোৱাৰ পিছত নেপালৰ অধিনায়ক দেৱ খানালে কয় যে ইয়াৰ উইকেট যথেষ্ট ভাল । এই উইকেটত ৰাণৰ লক্ষ্য অনুসৰণ কৰাটো সহজ হ'ব । তেওঁ কয় যে দ্বিতীয় ইনিংছত উইকেটত অধিক টাৰ্ণ হ'ব আৰু ই স্পিন বলাৰসকলক সহায় কৰিব । নেপালে দলটোত ৩ টা পৰিৱৰ্তন কৰিছে । কিন্তু নেপালৰ সন্মুখত ভাৰতৰ দৰে এটা শক্তিশালী দলৰ প্ৰত্যাহ্বান আছে । ভাৰতৰ হৈ মুছিৰ খান, অৰ্শিন কুলকাৰ্ণীয়ে বেটেৰে ইতিমধ্যে নিজৰ সক্ষমতা প্ৰদৰ্শন কৰিছে । আনহাতে, সৌম্য কুমাৰ পাণ্ডেয়েও বলেৰে নিৰন্তৰ বিপক্ষক বিপদত পেলাই আছে ।

দল দুটা

ভাৰত : আদৰ্শ সিং, অৰ্শিন কুলকাৰ্ণী, মুছিৰ খান, উদয় চাহাৰন (অধিনায়ক), প্ৰিয়াংশু মলিয়া, শচীন ধাছ, অৰাভেলী অৱনীশ (উইকেটৰক্ষক), মুৰুগান অভিষেক, ৰাজ লিম্বানি, সৌম্য পাণ্ডে, আৰাধ্যা শুক্লা ।

নেপাল : অৰ্জুন কুমাল, দীপক বোহৰা, উত্তম থাপা মগৰ (উইকেটৰক্ষক), দেৱ খানাল (অধিনায়ক), বিশাল বিক্ৰম কেচি, দীপক দুমৰে, গুলচন ঝা, দীপেশ কান্দেল, সুভাষ ভাণ্ডাৰী, আকাশ চান্দ, দুৰ্গেশ গুপ্তা ।

লগতে পঢ়ক :ভাৰত বনাম ইংলেণ্ড; জয়ছোৱালৰ দ্বিতীয় টেষ্ট শতক

Last Updated :Feb 2, 2024, 6:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.