ETV Bharat / sports

প্ৰথম দিনৰ অন্তত সবল স্থিতিত ভাৰত, অপ্ৰতিৰোধ্য জয়ছোৱাল

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 11:02 AM IST

Updated : Feb 2, 2024, 4:48 PM IST

IND vs ENG 2nd Test : টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰি ৩৩৬ ৰাণ সংগ্ৰহ কৰে । টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বিশতকৰ দিশে অগ্ৰসৰ যশস্বী জয়ছোৱাল । প্ৰথম দিনৰ অন্তত ভাৰতে ৬ টা উইকেট হেৰুৱাইছে ।

IND vs ENG 2nd Test
প্ৰথম দিনৰ অন্তত সবল স্থিতিত ভাৰত

স্পৰ্টছ ডেস্ক, ২ ফেব্ৰুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজত আজিৰে পৰা দ্বিতীয়খন টেষ্ট আৰম্ভ হৈছে । বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত টছত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লৈছে । এই খেলখনত ভাৰতে প্লেয়িং একাদশত ৩ টা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিছে । ৰবীন্দ্ৰ জাদেজাৰ স্থানত কুলদ্বীপ যাদৱক দলত স্থান দিয়া হৈছে । আনহাতে মুকেশ কুমাৰক মহম্মদ চিৰাজৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে ।

ইয়াৰ লগতে, কে এল ৰাহুলৰ স্থানত ৰজত পাতিদাৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে । এইখন পাতিদাৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ হ'ব । ইফালে ইংলেণ্ড দলেও কিছু সালসলনি কৰিছে । জেমছ এণ্ডাৰছনক মাৰ্ক উডৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে । একেদৰে জেক লিচৰ সলনি দলত স্থান পাইছে ছোৱেব বছিৰে । বছিৰৰো এইখন প্ৰথম টেষ্ট । ইফালে টছৰ সময়ত ইংলেণ্ডৰ অধিনায়ক বেন ষ্টকছে কয় যে যদি তেওঁ টছত জয়ী হ'লহেঁতেন, তেন্তে তেওঁ প্ৰথমে বেটিঙৰ সিদ্ধান্ত ল'লেহেঁতেন ।

ভাৰতে প্ৰথমে বেটিং কৰি প্ৰথম দিনৰ অন্তত ৬ টা উইকেট হেৰুৱাই ৩৩৬ ৰাণ সংগ্ৰহ কৰিছে । ভাৰতৰ হৈ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাইছে যুৱ বেটছমেন যশস্বী জয়ছোৱালে । ১৭৯ ৰাণ কৰি খেলুৱৈগৰাকী নটআউট হৈ আছে । এতিয়া তেওঁৰ প্ৰথম দ্বিশতকৰ বাবে ভাৰতীয় দলটো লগতে অনুৰাগীসকলে অপেক্ষা কৰি আছে । জয়ছোৱালৰ পৰিৱৰ্তে ভাৰতৰ বাকীসকল বেটছমেনে অতি সাধাৰণ ইনিংছ খেলা দেখা গৈছে ।

প্ৰথমে ৰোহিত শৰ্মাই মাত্ৰ ১৪ ৰাণতে নিজৰ উইকেট হেৰুৱাইছে । তাৰ পিচত শুভমন গিলেও মাত্ৰ ৩৪ ৰাণ কৰিছে । একেদৰে শ্ৰেয়স আয়াৰে ২৭ ৰাণ কৰিছে । ৰজত পাতিদাৰে প্ৰথমখন টেষ্ট আৰম্ভণিতে ভাল খেলিছিল যদিও দুৰ্ভাগ্যৱশতঃ ৩২ ৰাণত নিজৰ উইকেট হেৰুৱায় । অক্সৰ পেটেলে ২৭ ৰাণ আৰু কে এছ ভৰত মাত্ৰ ১৭ ৰাণ কৰে । প্ৰথম দিনৰ শেষলৈ জয়ছোৱালৰ সৈতে অশ্বিনে ৫ ৰাণত বেটিং কৰি আছে । দ্বিতীয় দিনাও যিমান সম্ভৱ ভাৰতীয় দলটোৱে সৰ্বাধিক স্ক'ৰ কৰিবলৈ চেষ্টা চলাব আৰু ইংলেণ্ডৰ সন্মুখত এক ডাঙৰ স্ক'ৰ ৰখাৰ প্ৰয়াস কৰিব । একেদৰে সকলোৰে দৃষ্টি থাকিব জয়ছোৱালৰ ওপৰত ।

ভাৰত আৰু ইংলেণ্ডৰ দ্বিতীয় টেষ্টৰ প্ৰথম দিনটোত আলহী দলটোৰ বলিঙত বিশেষ কৌশল দেখা পোৱা নগ'ল । ইংলেণ্ডৰ বলাৰ আৰ আহমেদে ২ উইকেট লাভ কৰে । একেদৰে প্ৰথমখন টেষ্ট খেল এছ বছিৰেও ২ টা উইকেট দখল কৰে । তাৰকা পেচাৰ এণ্ডাৰচনে ১ টা উইকেট আৰু হাৰ্টলিয়ে ১ টা উইকেট লাভ কৰে । দ্বিতীয় দিনা ইংলেণ্ডে ভাৰতীয় দলটোক ৩৫০ ৰাণৰ ওচৰে পাজৰে অলআউট কৰাৰ প্ৰয়াস কৰিব । কিয়নো তাৰ অধিক স্ক'ৰ হ'লে ইংলেণ্ডৰ দলটোৰ বাবে কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে ।

হায়দৰাবাদত প্ৰথমখন টেষ্টত পৰাজিত হোৱাৰ পিচত ভাৰতীয় দলটোৱে নিশ্চিতভাৱে এইখন খেলত জয়ী হোৱাৰ বাবে চেষ্টা চলাব । ইফালে ইংলেণ্ডেও জয়ৰ ধাৰা অব্যাহত ৰাখি টেষ্ট শৃংখলাটো নিজৰ হাতলৈ লৈ যোৱাৰ প্ৰয়াস কৰিব ।

ভাৰতীয় দলৰ প্লেয়িং ১১ : ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, শুভমন গিল, ৰজত পাতিদাৰ, শ্ৰেয়স আয়াৰ, কে এছ ভাৰত (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, অক্সৰ পেটেল, যশপ্ৰীত বুমৰাহ, মুকেশ কুমাৰ ।

ইংলেণ্ড দলৰ প্লেয়িং ১১ : বেন ডাকেট, জাক ক্ৰাউলি, অলি পোপ, জ' ৰুট, জনি বেয়াৰস্টো, বেন ষ্টকছ (অধিনায়ক), বেন ফ'কছ, ৰেহান আহমেদ, টম হাৰ্টলি, ছোৱেব বছিৰ, জেমছ এণ্ডাৰছন ।

লগতে পঢ়ক : ইটিভি ভাৰত এক্সক্লুছিভ: হাত ভগাৰ পাচতো হাৰ মনা নাছিল ৰাষ্ট্ৰীয় হকী দলৰ প্ৰশিক্ষক য়েন্দালা সৌন্দৰ্যই

Last Updated : Feb 2, 2024, 4:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.