ETV Bharat / sports

ইটিভি ভাৰত এক্সক্লুছিভ: হাত ভগাৰ পাচতো হাৰ মনা নাছিল ৰাষ্ট্ৰীয় হকী দলৰ প্ৰশিক্ষক য়েন্দালা সৌন্দৰ্যই

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 9:27 PM IST

Indian womens hockey team: ভাৰতীয় মহিলা হকী দলৰ মুখ্য প্ৰশিক্ষক য়েন্দালা সৌন্দৰ্যৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ । এই বাৰ্তালাপৰ সময়ত তেওঁ মুকলিকৈ তেওঁৰ যাত্ৰাৰ কথা কয় ।

Indian womens hockey team
মহিলা হকী দলৰ মুখ্য প্ৰশিক্ষক য়েন্দালা সৌন্দৰ্যৰ সৈতে ইটিভি ভাৰতৰ বাৰ্তালাপ

স্পৰ্টছ ডেস্ক, 1 ফেব্ৰুৱাৰী : ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় হকী দলৰ প্ৰশিক্ষক য়েন্দালা সৌন্দৰ্য তেলেংগানাৰ নিজামাবাদৰ বাসিন্দা ৷ তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰতীয় হকীক প্ৰতিনিধিত্ব কৰিছে ৷ প্ৰশিক্ষক হিচাবে ডাঙৰ দায়িত্ব পোৱাৰ পিছত, তেওঁ ইটিভি ভাৰতৰ সৈতে এক বিশেষ বাৰ্তালাপত মিলিত হয় আৰু তেওঁৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰে ৷

তেওঁৰ খেলৰ প্ৰাৰম্ভিক দিনবোৰৰ বিষয়ে সৌন্দৰ্যই কয়, "হকীয়ে এতিয়া স্বীকৃতি লাভ কৰিছে, কিন্তু যেতিয়া মই এই খেল খেলিবলৈ আৰম্ভ কৰিছিলো, ছোৱালীৰ বাবে কোনো আগুৱাই যোৱাৰ সুযোগ দিয়া হোৱা নাছিল ৷ মোৰ দেউতাই মিস্ত্ৰী হিচাপে কাম কৰিছিল আৰু মোৰ মায়ে বিড়ি তৈয়াৰ কৰিছিল ৷ মই তিনিটা সন্তানৰ ভিতৰত ডাঙৰ আছিলোঁ, আমাৰ গৃহচহৰ নিজামাবাদৰ আলম্মাগুট্টা ৷"

তেওঁ আৰু কয়- "স্কুলৰ প্ৰশিক্ষকসকলে যেতিয়া দেখিলে যে মই হকী খেলি ভাল পাওঁ, তেতিয়া তেওঁলোকে মোৰ মাজত থকা প্ৰতিভাক চিনি পাইছিল আৰু মোক খেলিবলৈ শিকাইছিল ৷ সেই সময়ত আমাৰ হাতত খেলৰ সামগ্ৰী কিনিবলৈ, ভাল খাদ্য খাবলৈ বা জোতা কিনিবলৈ টকা নাছিল ৷ সেইবাবেই মা-দেউতাই মই খেলাটো বিচৰা নাছিল ৷ সেই সময়ত মোৰ হকীৰ প্ৰতি থকা উৎসাহ দেখি ককাদেউতাই অস্বীকাৰ কৰিব নোৱাৰিলে... মাজে মাজে টকা দি মোক সহায় কৰিছিল যদিও সেই টকা যথেষ্ট নাছিল ৷

এছ এ আইত (SAI) যোগদান কৰাৰ পিছত অসুবিধা কমি গ’ল :

সৌন্দৰ্যই আৰু কয়, "স্পৰ্টছ অথ’ৰিটি অব ইণ্ডিয়া (SAI)ত আসন পাওঁতে মোৰ অসুবিধা অলপ আঁতৰ হ’ল ৷ ইয়াৰ পিছত মই মোৰ খেলত মনোনিৱেশ কৰিলোঁ আৰু 2006 চনত ৰাজ্যিক দলক নেতৃত্ব দিয়াৰ সুযোগ পালো ৷ তাত মই ভাল খেলিলোঁ আৰু ৰাষ্ট্ৰীয় দলৰ বাবে নিৰ্বাচিত হ’লো ৷ এতিয়ালৈকে আমাৰ তেলেগু ৰাজ্যৰ কোনো খেলুৱৈ ৰাষ্ট্ৰীয় দলৰ বাবে নিৰ্বাচিত হোৱা নাই ৷ সেইটোৱেই আছিল মোৰ প্ৰথম জয় ৷ মোক দেখি মোৰ সৰু ভাই সাগৰেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকীত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল ৷"

এশৰো অধিক খেলত অংশগ্ৰহণ :

তেওঁ আৰু কয়, "ৰাষ্ট্ৰীয় দলৰ হৈ প্ৰদৰ্শন কৰাটো সহজ নহয় ৷ বহুতো প্ৰত্যাহ্বান সন্মুখত আহে ৷ প্ৰথমতে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল কাৰণ মই হিন্দী বেছি নাজানিছিলো ৷ মই দলত আছিলো যদিও খেলপথাৰত নমাৰ সুযোগ পোৱা নাছিলো ৷ দলৰ মূল খেলুৱৈ আঘাতপ্ৰাপ্ত নোহোৱালৈকে মই খেলাৰ সুযোগ পোৱা নাছিলো ৷ কিন্তু মোৰ প্ৰতিভাৰ বাবেই মই কম সময়ৰ ভিতৰতে দলটোৰ মূল সদস্য হৈ পৰিলোঁ ৷ এই সময়ছোৱাত মোৰ বাহুৰ হাড় ভঙাত দুবছৰ ধৰি খেলিব নোৱাৰিলোঁ ৷ সেই সময়ত আত্মবিশ্বাস নেহেৰুৱাকৈ খেললৈ ঘূৰি আহি নিজকে প্ৰমাণ কৰিলো ৷ ইয়াৰ পিছত মই সহ অধিনায়ক আৰু অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি অলিম্পিককে ধৰি এশৰো অধিক আন্তঃৰাষ্ট্ৰীয় মেচত দেশক প্ৰতিনিধিত্ব কৰিলোঁ ৷"

10 বছৰ খেলিবলৈ পাই সুখী :

সৌন্দৰ্যই নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয়, "মই 2006 চনৰ পৰা 2016 চনলৈ 10 বছৰ ৰাষ্ট্ৰীয় দলটোক প্ৰতিনিধিত্ব কৰিছিলো ৷ ইয়াৰ পিছত মই প্ৰশিক্ষক হোৱাৰ ইচ্ছাৰে 2022 চনত আৱেদন কৰিলোঁ ৷ ইয়াৰ পিছত মোক জাতীয় দলৰ সহকাৰী প্ৰশিক্ষক হ’বলৈ দিয়া হ’ল ৷ সহকাৰী প্ৰশিক্ষক হিচাপে কাম কৰাৰ পিছত ওমানত অনুষ্ঠিত হোৱা বিশ্বকাপ হকী প্ৰতিযোগিতাত দলৰ মুখ্য প্ৰশিক্ষক হোৱাৰ সুযোগ পাইছিলোঁ ৷ তেলেংগানাৰ পৰা প্ৰথমবাৰৰ বাবে এই মৰ্যাদা আৰু সুযোগ পাই মই সুখী ৷ 2009 চনত ৰেলৱে টি চিৰ চাকৰি পাইছিলো ৷ ইয়াৰ আগতে মই মুম্বাইত কাম কৰিছিলোঁ ৷ বিয়াৰ পিছত মই ছেকেন্দ্ৰাবাদলৈ আহিলোঁ ৷ মোৰ স্বামী ৰমেশ এজন আই টি কৰ্মচাৰী ৷ আমাৰ এটা সন্তান আছে ৷ ছোৱালীক ক্ৰীড়াত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰো ৷"

লগতে পঢ়ক : কোহলী অধিনায়ক হ’লে হায়দৰাবাদত পৰাস্ত নহ’ল হেতেন ভাৰত: মাইকেল ভন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.